Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

যিসকলে বিশ্বাসী হৈ নাথাকে, তেওঁলোকক অনুকৰণ নকৰিব

যিসকলে বিশ্বাসী হৈ নাথাকে, তেওঁলোকক অনুকৰণ নকৰিব

কোৰহ, দাথন আৰু অবীৰামে উপাসনাৰ বাবে যিহোৱাই কৰা ব্যৱস্থাৰ বিৰুদ্ধে কাম কৰিলে। তেওঁলোকে যিহোৱাৰ বিশ্বাসী হৈ থাকিব নোৱাৰিলে। যিহোৱাই সেই তিনিজন আৰু তেওঁলোকক সমৰ্থন কৰা লোকসকলক ধ্বংস কৰিলে। (গণ ১৬:২৬, ২৭, ৩১-৩৩) তেনেহʼলে, কেনে পৰিস্থিতিত আমাৰ বিশ্বাসৰ পৰীক্ষা হʼব পাৰে? বাইবেলত উল্লেখ থকা কিছুমান বেয়া উদাহৰণৰ বিষয়ে ধ্যান দিলে, আমি তেওঁলোকৰ দৰে ভুল নকৰিম।

বিশ্বাসী হৈ নথকা লোকসকলক অনুকৰণ নকৰিব নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • নাডিয়াৰ বিশ্বাসৰ পৰীক্ষা কেনেকৈ হৈছিল? বিশ্বাসী হৈ থাকিবলৈ কাৰ বেয়া উদাহৰণে তাইক সতৰ্ক কৰিলে?

  • এজন ভাই যেতিয়া বহুত চিন্তিত হৈ পৰিছিল, তেতিয়া তেওঁৰ বিশ্বাসৰ পৰীক্ষা কেনেকৈ হৈছিল আৰু বিশ্বাসী হৈ থাকিবলৈ কাৰ বেয়া উদাহৰণে তেওঁক সতৰ্ক কৰিলে?

  • টেৰেন্চৰ বিশ্বাসৰ পৰীক্ষা কেনেকৈ হৈছিল আৰু বিশ্বাসী হৈ থাকিবলৈ কাৰ বেয়া উদাহৰণে তেওঁক সতৰ্ক কৰিলে?

  • স্কুলত এজন ভাইৰ বিশ্বাসৰ পৰীক্ষা কেনেকৈ হৈছিল আৰু বিশ্বাসী হৈ থাকিবলৈ কাৰ বেয়া উদাহৰণে তেওঁক সতৰ্ক কৰিলে?