খ্ৰীষ্টান হিচাপে জীৱন-যাপন
সকলো সমস্যা নিশ্চয় শেষ হʼব
সমস্যা আহিলে আমি নিৰাশ হʼব পাৰোঁ। যেতিয়া এই সমস্যাবোৰ বহুদিনলৈকে থাকে, তেতিয়া আমি বেছিকৈ নিৰাশ হʼব পাৰোঁ। ৰজা চৌলৰ বাবে দায়ূদক বহুদিনলৈকে সমস্যাৰ সন্মুখীন হʼবলগীয়া হʼল। যিহোৱাই তেওঁক ৰজা পতাৰ প্ৰতিজ্ঞা পূৰ কৰিব আৰু তেওঁৰ এই সমস্যা শেষ কৰিব বুলি দায়ূদৰ সম্পূৰ্ণ বিশ্বাস আছিল। (১চমূ ১৬:১৩) সেইবাবে, তেওঁ ধৈৰ্য্য ধৰিব পাৰিলে আৰু যিহোৱালৈ অপেক্ষা কৰিব পাৰিলে।
নিজৰ পৰিস্থিতি সলনি কৰিবলৈ আমি ভাবি-চিন্তি কাম কৰিব পাৰোঁ। (১চমূ ২১:১২-১৪; হিতো ১:৪) কিন্তু এইদৰে কৰাৰ পাছতো আমাৰ সমস্যা দূৰ নহʼবও পাৰে। সেইসময়ত আমি ধৈৰ্য্য ধৰা উচিত আৰু যিহোৱালৈ অপেক্ষা কৰা উচিত। অতি সোনকালে তেওঁ আমাৰ সকলো সমস্যা দূৰ কৰিব আৰু আমাৰ চকুৰপৰা “আটাই চকু-লো মচি গুচাব।” (প্ৰকা ২১:৪) আমাৰ সমস্যা যিহোৱাৰ সহায়ত দূৰ হওক বা আন কোনো উপায়েৰে দূৰ হওক, কিন্তু এটা কথা নিশ্চিত যে “সকলো সমস্যা নিশ্চয় শেষ হʼব।” এই সত্যতাৰপৰা আমি বহুত শান্ত্বনা লাভ কৰিব পাৰোঁ।
বিভক্ত জগতত একত্ৰিত লোক নামৰ ভিডিঅʼখন চাওক আৰু তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
-
আমেৰিকাৰ দক্ষিণফালে থকা কিছুমান সত্য খ্ৰীষ্টানে কি কি সমস্যাৰ সন্মুখীন হৈছিল?
-
তেওঁলোকে কেনেকৈ ধৈৰ্য্য ধৰিলে আৰু প্ৰেম দেখুৱালে?
-
তেওঁলোকে কেনেকৈ “যি যি শ্ৰেষ্ঠ,” তালৈ ধ্যান দিলে?—ফিলি ১:৯.