খ্ৰীষ্টান হিচাপে জীৱন-যাপন
যিহোৱাৰ ওপৰত ভৰসা কৰাৰ তিনিটা উপায়
দায়ূদে যিহোৱাৰ ওপৰত ভৰসা কৰাৰ বাবে গলিয়াথক পৰাজয় কৰিব পাৰিলে। (১চমূ ১৭:৪৫) যিহোৱাই নিজৰ সকলো সেৱকৰ পক্ষে নিজৰ শক্তি দেখুৱাব বিচাৰে। (২বং ১৬:৯) দায়ূদৰ নিচিনা আমিও নিজৰ দক্ষতা আৰু অভিজ্ঞতাৰ ওপৰত ভৰসা কৰাৰ পৰিৱৰ্তে যিহোৱাৰ ওপৰত ভৰসা কৰা উচিত। ইয়াৰ বাবে আমি কি কৰিব লাগিব? আহক তিনিটা উপায় চাওঁ।
-
বাৰে বাৰে প্ৰাৰ্থনা কৰক। আমি ভুল কৰাৰ পাছত ক্ষমা বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰোঁৱেই, কিন্তু আমি বেয়া কাম কৰিবলৈ প্ৰলোভিত হোৱাৰ সময়তো প্ৰাৰ্থনা কৰা উচিত। (মথি ৬:১২, ১৩) আমি প্ৰায়ে নিৰ্ণয় লোৱাৰ পাছত প্ৰাৰ্থনা কৰোঁ, কিন্তু আমি নিৰ্ণয় লোৱাৰ আগতেও যিহোৱাৰপৰা বুদ্ধি আৰু পৰামৰ্শ বিচৰা উচিত।—যাকো ১:৫.
-
নিয়মীয়াকৈ বাইবেল পঢ়ক আৰু অধ্যয়ন কৰক। প্ৰতিদিনে বাইবেল পঢ়ক। (গীত ১:২) তাত উল্লেখ কৰা লোকসকলৰ বিষয়ে গভীৰভাৱে চিন্তা কৰক আৰু শিকা কথাবোৰ পালন কৰক। (যাকো ১:২৩-২৫) যদিও আপুনি বহুবছৰ ধৰি প্ৰচাৰ কৰি আছে, তথাপি প্ৰচাৰলৈ যোৱাৰ আগতে প্ৰকাশনবোৰত অনুসন্ধান কৰি প্ৰস্তুতি কৰক। সভাবোৰৰপৰা ভালদৰে শিকিবলৈও আগতীয়াকৈ প্ৰস্তুতি কৰক।
-
যিহোৱাৰ সংগঠনক সহযোগ কৰক: আমি সংগঠনৰপৰা পোৱা সকলো নিৰ্দেশনাৰ বিষয়ে জনা উচিত আৰু তাক লগে লগে পালন কৰাও উচিত। (গণ ৯:১৭) আমি প্ৰাচীনসকলৰ পৰামৰ্শ আৰু নিৰ্দেশনা পালন কৰিব লাগে।—ইব্ৰী ১৩:১৭.
অত্যাচাৰৰ বাবে ভয় কৰাৰ কোনো কাৰণ নাই নামৰ ভিডিঅʼখন চাওক আৰু তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
• ভাই-ভনীসকলে কি কি কথাক লৈ ভয় কৰিছিল?
• তেওঁলোকে নিজৰ ভয় দূৰ কৰিবলৈ কি কৰিলে?