ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
আলোচনাৰ বাবে আৰ্হি
স্মৰণীয় দিনৰ অভিযান (মাৰ্চ ১৯–এপ্ৰিল ১৫)
“আমি আপোনাক এক বিশেষ সভাৰ বাবে নিমন্ত্ৰণ জনাইছোঁ আৰু ইয়াত লাখ লাখ লোকে উপস্থিত হʼব। সেই দিনাখন আমি যীচুৰ বলিদানক সোঁৱৰণ কৰিম। আপুনি ইয়াত উপস্থিত হোৱাটো আমি বিচাৰোঁ।” তাৰ পাছত ছপা কৰা বা ডিজিটেল নিমন্ত্ৰণ-পত্ৰখন ব্যক্তিজনক দিয়ক। “এই নিমন্ত্ৰণ-পত্ৰখনত সভাৰ সময় আৰু ঠিকনা দিয়া আছে [বা আপুনি এই কাৰ্য্যক্ৰম অনলাইনৰ যোগেদি কেনেকৈ চাব পাৰে]। স্মৰণীয় দিনৰ এসপ্তাহৰ আগত হোৱা এক বিশেষ ভাষণৰ বাবেও আমি আপোনাক নিমন্ত্ৰণ জনাব বিচাৰোঁ।”
আগ্ৰহী ব্যক্তিক: যীচুৰ মৃত্যুক সোঁৱৰণ কৰক নামৰ ভিডিঅʼখন দেখুৱাওক [বা মেচেজ বা ইʼমেইল কৰক]।
প্ৰশ্ন: ডাক্তৰ আৰু নাৰ্চসকলে নিজৰ জীৱন বিপদত পেলাই যিদৰে লোকসকলক সহায় কৰে, তাক দেখি আপোনাৰ কেনে অনুভৱ হয়?