Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

বুদ্ধি বিচাৰি প্ৰতিদিনে বাইবেল পঢ়ক

বুদ্ধি বিচাৰি প্ৰতিদিনে বাইবেল পঢ়ক

ঈশ্বৰৰ বাক্যৰ পৰা পোৱা বুদ্ধি লুকাই থকা মূল্যৱান ধনৰ দৰে হয়। (হিতো ২:১-৬) এই বুদ্ধি থকাৰ বাবে আমি বুদ্ধিমত্তাৰে কাম কৰিব পাৰোঁ আৰু সঠিক নিৰ্ণয় লʼব পাৰোঁ। ইয়ে আমাক সুৰক্ষা দিয়ে। সেইবাবে, “প্ৰজ্ঞাই মূল।” (হিতো ৪:৫-৭) ঈশ্বৰৰ বাক্যত লুকাই থকা ৰত্ন বিচাৰিবলৈ পৰিশ্ৰমৰ প্ৰয়োজন হয়। সেইবাবে, আমি “দিনে-ৰাতিয়ে” অৰ্থাৎ সদায় বাইবেল পঢ়িব লাগিব। (যিহো ১:৮) মন কৰক যে প্ৰতিদিনে বাইবেল পঢ়া আৰু ইয়াক আনন্দময় কৰি তোলাৰ কিছুমান উপায় কি।

ঈশ্বৰৰ বাক্যক প্ৰেম কৰা কিশোৰ-কিশোৰীসকল নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

প্ৰতিদিনে বাইবেল পঢ়িবলৈ এই কিশোৰ-কিশোৰীসকলৰ কি কি সমস্যা হৈছিল? এই সমস্যাবোৰ পাৰ কৰিবলৈ তেওঁলোকে কি কৰিলে?

  • মেলানী

  • চামূৱেল

  • চেলিনী

  • ৰাফেলʼ

মোৰ বাইবেল পঢ়াৰ তালিকা