ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
প্ৰতিটো বিষয়তে যিহোৱাৰ ওপৰত ভৰসা ৰাখক
আচাই এটা ডাঙৰ সৈন্য-বাহিনীৰ লগত যুদ্ধ কৰিবলৈ যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে (২বং ১৪:৯-১২; w২১.০৩ ৫ ¶১২)
পাছত ৰজা আচাই এটা সৰু সৈন্য-বাহিনীৰ লগত যুদ্ধ কৰিবলৈ অৰামীয়া ৰজাৰ সহায় লʼলে (২বং ১৬:১-৩; w২১.০৩ ৫ ¶১৩)
আচাই সকলো সময়তে যিহোৱাৰ ওপৰত ভৰসা কৰা নাছিল, সেইবাবে যিহোৱা তেওঁৰ পৰা আনন্দিত নাছিল (২বং ১৬:৭-৯)
জীৱনৰ ডাঙৰ ডাঙৰ নিৰ্ণয় লোৱাৰ সময়ত আমি হয়তো যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰোঁ। কিন্তু সৰু-সুৰা বিষয়তনো কি? জীৱনৰ সকলো বিষয়তে যিহোৱাক মনত ৰাখি নিৰ্ণয় লোৱাটো অতি প্ৰয়োজন।—হিতো ৩:৫, ৬; w২১.০৩ ৫ ¶১৪