ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
ৰজা চলোমনে ভুল নিৰ্ণয় লʼলে
[২ বংশাৱলি কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]
চলোমনে মিচৰ দেশৰ পৰা ঘোঁৰা আৰু ৰথ অনাইছিল (দ্বিতী ১৭:১৫, ১৬; ২বং ১:১৪, ১৭)
এইদৰে চলোমনে নিজৰ সেনা বঢ়ালে আৰু এইবোৰ চোৱা-চিতা কৰিবলৈ তেওঁ বহুতো লোকক কামত ৰাখিলে আৰু বহুতো চহৰ বনালে (২বং ১:১৪; it-১-E ১৭৪¶৫; ৪২৭)
যদিও চলোমনৰ ৰাজ্যত লোকসকলে বহু বছৰলৈকে শান্তিৰে জীয়াই আছিল, কিন্তু পাছত তেওঁ লোকসকলৰ ওপৰত ডাঙৰ ডাঙৰ বোজা দিলে। তাৰ পাছত যেতিয়া তেওঁৰ পুত্ৰ ৰহবিয়াম ৰজা হʼল, তেতিয়া তেওঁ এই বোজা আঁতৰুৱাৰ পৰিৱৰ্তে আৰু বঢ়ালেহে। সেইবাবে, লোকসকলে বিদ্ৰোহ কৰিলে। (২বং ১০:৩, ৪, ১৪, ১৬) ইয়ে দেখুৱাই যে আমি লোৱা ভুল নিৰ্ণয়ৰ পৰিণাম এদিন নহয় এদিন ভুগিবই লাগিব।—গালা ৬:৭.