Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

‘তোমাৰ হৃদয়ক ৰক্ষা কৰা’

‘তোমাৰ হৃদয়ক ৰক্ষা কৰা’

যিহোৱাই চলোমনক এই কথাষাৰ লিখিবলৈ উৎসাহিত কৰিলে: “সকলোতকৈ তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা।” (হিতো ৪:২৩) কিন্তু দুখৰ বিষয়ে যে ঈশ্বৰৰ লোকসকল অৰ্থাৎ ইস্ৰায়েলীসকলে “সকলো হৃদয়েৰে” তেওঁ দেখুৱা পথত যাবলৈ এৰি দিলে। (২বং ৬:১৪) আনকি ৰজা চলোমনেও সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ উপাসনা কৰা নাছিল। তেওঁ নিজৰ আন জাতিৰ পত্নীসকলৰ কথা শুনি মিছা দেৱী-দেৱতাৰ উপাসনা কৰিবলৈ ধৰিলে। (১ৰাজা ১১:৪) আপুনি নিজৰ হৃদয়ক কেনেকৈ ৰক্ষা কৰিব পাৰে? জানুৱাৰী ২০১৯ চনৰ প্ৰহৰীদুৰ্গত (হিন্দী) ১৪-১৯ পৃষ্ঠাত ইয়াৰ বিষয়ে এখন অধ্যয়ন লেখ আহিছিল।

প্ৰহৰীদুৰ্গৰ পৰা পোৱা শিক্ষা—নিজৰ হৃদয়ক ৰক্ষা কৰক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

তলত উল্লেখ কৰা ভাই-ভনীসকলৰ বিশ্বাস কি কথাৰ বাবে দুৰ্বল হʼলহেঁতেন? তেওঁলোকে এই লেখত কোৱা কথাৰ পৰা কেনেকৈ নিজৰ হৃদয় ৰক্ষা কৰিলে?

  • ব্ৰেন্ট আৰু লʼৰেন

  • উমজে

  • হেপ্পী লেইউ

এই অধ্যয়ন লেখৰ পৰা আপুনি কেনেকৈ সহায় পালে?