এপ্ৰিল ১৫-২১
গীতমালা ২৯-৩১
গীত ১০৮ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)
১. ঈশ্বৰে আমাক প্ৰেম কৰাৰ বাবে শুধৰণি কৰে
(১০ মি.)
যেতিয়া দায়ূদে যিহোৱাৰ আজ্ঞা নামানিলে, তেতিয়া যিহোৱাই নিজৰ মুখ লুকুৱালে (গীত ৩০:৭; it-১-E ৮০২ ¶৩)
দায়ূদে অনুতাপ কৰিলে আৰু যিহোৱাৰ পৰা দয়াৰ বাবে মিনতি কৰিলে (গীত ৩০:৮)
যিহোৱাই সদায় দায়ূদক খং কৰি নাথাকিলে (গীত ৩০:৫; w২০.০২ ২৪ ¶১৮)
দায়ূদে ইস্ৰায়েলীসকলৰ গণনা কৰি পাপ কৰাৰ পাছতহে হয়তো গীতমালা ৩০-ত উল্লেখ কৰা ঘটনাতো ঘটিছিল।—২চমূ ২৪:২৫.
ধ্যানৰ বাবে প্ৰশ্ন: যেতিয়া পাপ কৰা ব্যক্তিজনক মণ্ডলীৰ পৰা বহিষ্কাৰ কৰা হয়, তেতিয়া তেওঁৰ কি লাভ হয়? তেওঁ অন্তৰৰ পৰা অনুতাপ কৰিলে বুলি কেনেকৈ দেখুৱাব পাৰে?—w২১.১০ ৬ ¶১৮.
২. আধ্যাত্মিক ৰত্ন বিচাৰক
(১০ মি.)
গীত ৩১:৭—যেতিয়া চিন্তাই আমাক আগুৰি ধৰে, তেতিয়া এই পদৰ পৰা আমি কেনেকৈ সহায় পাব পাৰোঁ? (wp২৩.১-HI ৬ ¶১)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
৩. বাইবেল পাঠ
(৪ মি.) গীত ৩১:১-২৪ (শিক্ষা অধ্যায় ১০)
৪. কথা-বতৰা আৰম্ভ কৰক
(১ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। এজন ব্যস্ত ব্যক্তিক চমুকৈ প্ৰচাৰ কৰক। (লোকসকলক প্ৰেম কৰক পাঠ ৫ ভাগ ৩)
৫. কথা-বতৰা আৰম্ভ কৰক
(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। এগৰাকী মাতৃক লʼৰা-ছোৱালীৰ বিষয়ে ভিডিঅʼ দেখুৱাওক আৰু জনাওক যে এই ভিডিঅʼবোৰ কʼত পোৱা যায়। (লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৩)
৬. পুনৰ লগ কৰক
(৩ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। আগতে বাইবেল অধ্যয়ন কৰিবলৈ মানা কৰা এজন ব্যক্তিক সোধক যে তেওঁ এতিয়া অধ্যয়ন কৰিব বিচাৰে নে। (লোকসকলক প্ৰেম কৰক পাঠ ৮ ভাগ ৩)
৭. বাইবেল অধ্যয়ন কৰক
(৪ মি.) এক অনন্ত জীৱন! পাঠ ১৪ ভাগ ৫ (শিক্ষা অধ্যায় ৬)
গীত ৪৫
৮. আমি কিয় বিশ্বাস কৰোঁ . . . ঈশ্বৰৰ প্ৰেমৰ ওপৰত
(৭ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:
এই অনুভৱৰ পৰা আমি ঈশ্বৰৰ প্ৰেমৰ বিষয়ে কি জানিব পাৰোঁ?
৯. স্থানীয় নিৰ্মাণ আৰু পৰিকল্পনা কাৰ্য্যক্ৰমৰ বিষয়ে তথ্য—২০২৪
(৮ মি.) ভাষণ। ভিডিঅʼখন দেখুৱাওক।