এপ্ৰিল ২৯–মে’ ৫
গীতমালা ৩৪-৩৫
গীত ১০ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)
১. ‘সকলো সময়তে যিহোৱাৰ প্ৰশংসা’ কৰক
(১০ মি.)
দায়ূদে সকলো সময়তে যিহোৱাৰ প্ৰশংসা কৰিছিল, আনকি সমস্যাৰ মাজেদি পাৰ হোৱাৰ সময়তো (গীত ৩৪:১; w০৭-HI ৩/১ ২৪-২৫ ¶১১)
দায়ূদে নিজৰ পৰিৱৰ্তে যিহোৱাৰ ওপৰত গৰ্ব কৰিলে (গীত ৩৪:২-৪; w০৭-HI ৩/১ ২৫-২৬ ¶১৩)
যেতিয়া দায়ূদে যিহোৱাৰ প্ৰশংসা কৰিলে, তেতিয়া তেওঁৰ সংগীসকলে সাহস লাভ কৰিলে (গীত ৩৪:৫; w০৭-HI ৩/১ ২৬ ¶১৫)
যেতিয়া দায়ূদে অবীমেলকৰ পৰা জীৱন বচাই অৰণ্যত পলাই গৈছিল, তেতিয়া ৪০০ জন মানুহ তেওঁৰ লগত গʼল। তেওঁলোক ৰজা চৌলৰ শাসনৰ পৰা আনন্দিত নাছিল। (১চমূ ২২:১, ২) দায়ূদে হয়তো সেই লোকসকলক মনত ৰাখি এই গীত ৰচিছিল।—গীত ৩৪, ওপৰৰ লেখ।
নিজকে সোধক: ‘পৰৱৰ্তী সভাত কাৰোবাৰ লগত কথা পতাৰ সময়ত মই কেনেকৈ যিহোৱাৰ প্ৰশংসা কৰিব পাৰোঁ?’
২. আধ্যাত্মিক ৰত্ন বিচাৰক
(১০ মি.)
-
গীত ৩৫:১৯—দায়ূদে তেওঁৰ শত্ৰুসকলক ‘চকু টিপিয়াবলৈ নিদিবা’ বুলি অনুৰোধ কৰিছিল, ইয়াৰ অৰ্থ কি? (w০৬-HI ৫/১৫ ২০ ¶২)
-
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
৩. বাইবেল পাঠ
(৪ মি.) গীত ৩৪:১-২২ (শিক্ষা অধ্যায় ৫)
৪. কথা-বতৰা আৰম্ভ কৰক
(২ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। প্ৰচাৰ কৰাৰ আগতেই আপোনালোকৰ কথা-বতৰা শেষ হৈ যায়। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৪)
৫. পুনৰ লগ কৰক
(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৪)
৬. আপুনি কি বিশ্বাস কৰে বুজাওক
(৫ মি.) প্ৰৰ্দশন। এক অনন্ত জীৱন! পাঠ ৪৪ ভাগ ১-৩ —বিষয়: যিহোৱাৰ সাক্ষীসকলে কোনো এটা উৎসৱ পালন কৰিব নে নাই তাৰ কেনেকৈ নিৰ্ণয় লয়? (শিক্ষা অধ্যায় ১৭)
গীত ৫৯
৭. সভাবোৰত যিহোৱাৰ প্ৰশংসা কৰাৰ তিনিটা উপায়
(১৫ মি.) আলোচনা।
মণ্ডলীৰ সভাবোৰত আমি যিহোৱাৰ প্ৰশংসা কৰাৰ আটাইতকৈ ভাল সুযোগ পাওঁ। আহক মন কৰোঁ যে কি তিনিটা উপায়েৰে আমি তেওঁৰ প্ৰশংসা কৰিব পাৰোঁ।
আনৰ লগত কথা পতাৰ সময়ত: যিহোৱাৰ ভাল কামবোৰৰ বিষয়ে কথা পাতক। (গীত ১৪৫:১, ৭) আপুনি এনে কিবা কথা পঢ়িছেনে বা শুনিছেনে, যাৰ পৰা সহায় পাইছিল? আপুনি প্ৰচাৰ সেৱাত কিবা ভাল অনুভৱ পাইছে নে? কোনোবাই আপোনাক এনে কিবা কথা কৈছে নে বা আপোনাৰ বাবে কাম কৰিছে নে যাৰ পৰা আপুনি বহুত সাহস লাভ কৰিলে? অথবা আপুনি সৃষ্টিৰ কোনো বস্তু চাই কেতিয়াবা আচৰিত হৈছিল নে? এই সকলোবোৰ যিহোৱাৰ পৰা পোৱা উপহাৰ হয়। (যাকো ১:১৭) এইবোৰৰ বিষয়ে কথা পাতিবলৈ আপুনি সভাত অলপ সোনকালে যাব পাৰে।
উত্তৰ দি: প্ৰতিটো সভাত কমেও এটা উত্তৰ দিবলৈ চেষ্টা কৰক। (গীত ২৬:১২) আপুনি প্ৰশ্নৰ চিধা উত্তৰ দিব পাৰে বা তাৰ লগত জড়িত আন বিষয়বোৰ কʼব পাৰে। বা আপুনি কোনো পদ বা ছবিৰ বিষয়ে কʼব পাৰে। অথবা আপুনি বুজাব পাৰে যে কোনো এটা কথা আমি কেনেকৈ নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰোঁ। আপুনি যি অনুচ্ছেদত উত্তৰ দিব বিচাৰে, হয়তো সেই অনুচ্ছেদত আন ভাই-ভনীসকলেও হাত উঠাব। সেইবাবে, গোটেই লেখখনত এটাতকৈ বেছি উত্তৰ তৈয়াৰী কৰক। যেতিয়া আমি নিজৰ উত্তৰ ৩০ ছেকেণ্ড বা তাতকৈ কমত দিম, তেতিয়া বেছিভাগ ভাই-ভনীয়ে ‘ঈশ্বৰৰ নাম স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ’ কৰিবলৈ সুযোগ পাব।—ইব্ৰী ১৩:১৫.
গীত গাই: সম্পূৰ্ণ উৎসাহেৰে ৰাজ্যগীত গাওক। (গীত ১৪৭:১) হয়তো আপুনি প্ৰতিটো সভাত উত্তৰ দিবলৈ সুযোগ নাপাবও পাৰে, বিশেষকৈ যদি আপুনি ডাঙৰ মণ্ডলীত আছে। কিন্তু আপুনি প্ৰতিটো সভাত গান নিশ্চয় গাব পাৰে। আপোনাক লাগিব পাৰে যে আপুনি ভালদৰে গাব নোৱাৰে, তথাপি যদি আপুনি গান গাবলৈ পৰিশ্ৰম কৰে, তেনেহʼলে যিহোৱা আনন্দিব হʼব। (২কৰি ৮:১২) সভাবোৰত গাবলৈ আপুনি আগতীয়াকৈ ঘৰতে তৈয়াৰী কৰিব পাৰে।
অতীতৰ পৰা আজিলৈকে —গীত এটা উপহাৰ, ভাগ ১ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:
বৰ্তমান সময়ৰ আমাৰ সংগঠন যেতিয়া আৰম্ভ হৈছিল, তেতিয়া যিহোৱাৰ প্ৰশংসাত গীত গোৱাটো অতি প্ৰয়োজন বুলি কেনেকৈ দেখুৱা হʼল?