Skip to content

Skip to table of contents

মাৰ্চ ৪-১০

গীতমালা ১৬-১৭

মাৰ্চ ৪-১০

গীত ১১১ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. ‘যিহোৱাৰ বাহিৰে মোৰ মঙ্গল নাই’

(১০ মি.)

যিহোৱাৰ সেৱা কৰা লোকসকলৰ লগত বন্ধুত্ব কৰিলে আমি আনন্দিত থাকিম (গীত ১৬:২, ৩; w১৮.১২-HI ২৬ ¶১১)

যিহোৱাৰ লগত ভাল সম্পৰ্ক থাকিলে আমি আনন্দিত হওঁ (গীত ১৬:৫, ৬; w১৪-HI ২/১৫ ২৯ ¶৫)

যিহোৱা আমাৰ লগত আছে বুলি জানি আমি সুৰক্ষিত অনুভৱ কৰোঁ (গীত ১৬:৮, ৯; bh ১১৬ ¶৫)

যিহোৱাই সদায় আমাৰ ভালৰ বিষয়ে চিন্তা কৰে। সেইবাবে, যেতিয়া আমি তেওঁৰ উপাসনাক জীৱনত প্ৰথম স্থান দিওঁ, তেতিয়া দায়ূদৰ দৰে আমি আনন্দিত থাকোঁ।

নিজকে সোধক: ‘সত্যত অহাৰ পাছত মোৰ জীৱন কেনেকৈ আগতকৈ বেছি ভাল হৈ পৰিছে?’

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ১৭:৯—‘চকুৰ মণি’ বাইবেলত এই শব্দৰ অৰ্থ কি? (w২৪.০১ ২৭ ¶৬)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ১৭:১-১৫ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(১ মি.) ঘৰে-ঘৰে প্ৰচাৰ। স্মৰণীয় দিনৰ নিমন্ত্ৰণ-পত্ৰ দিয়ক। (শিক্ষা অধ্যায় ১১)

৫. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। স্মৰণীয় দিনৰ নিমন্ত্ৰণ-পত্ৰ দিয়ক। যদি গৃহস্থই বেছিকৈ জানিব বিচাৰে, তেনেহʼলে যীচুৰ মৃত্যুক সোঁৱৰণ কৰক নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক আৰু আলোচনা কৰক। (শিক্ষা অধ্যায় ৯)

৬. কথা-বতৰা আৰম্ভ কৰক

(২ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। স্মৰণীয় দিনৰ নিমন্ত্ৰণ-পত্ৰ দিয়ক। (শিক্ষা অধ্যায় ২)

৭. বাইবেল অধ্যয়ন কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ২০

৮. আমি স্মৰণীয় দিনৰ বাবে কেনেকৈ সাজু হৈ থাকিব পাৰোঁ?

(১৫ মি.) আলোচনা।

যীচুৰ আজ্ঞাৰ অনুসৰি আমি ২৪ মাৰ্চ দেওবাৰে তেওঁৰ মৃত্যুৰ দিনটো পালন কৰিম। যিহোৱা আৰু যীচুৱে লোকসকলক কিমান প্ৰেম কৰে, তাৰ আটাইতকৈ ডাঙৰ প্ৰমাণ হৈছে যীচুৰ বলিদান। (লূক ২২:১৯; যোহ ৩:১৬; ১৫:১৩) আমি সেই বিশেষ দিনৰ বাবে কেনেকৈ সাজু হʼব পাৰোঁ?

  • লোকসকলক বিশেষ ভাষণ আৰু স্মৰণীয় দিনত মাতিবলৈ অভিযানত উৎসাহেৰে ভাগ লওক। চিনাকী লোকসকলৰ এখন লিষ্ট বনাওক আৰু তেওঁলোককো নিমন্ত্ৰণ দিয়ক। যদি ব্যক্তিজন আন ঠাইত থাকে, তেনেহʼলে jw.org-ত চাওক যে সেই ঠাইত স্মৰণীয় দিন কেতিয়া আৰু কʼত পালন কৰা হʼব

  • মাৰ্চ আৰু এপ্ৰিল মাহত উৎসাহেৰে প্ৰচাৰ কামত ভাগ লওক। আপুনি ১৫ বা ৩০ ঘন্টাৰ সহকাৰী অগ্ৰগামী সেৱা কৰিব পাৰিব নে?

  • ১৮ মাৰ্চৰ পৰা সেই বিশেষ ঘটনাবোৰৰ বিষয়ে বাইবেলৰ পৰা পঢ়িবলৈ আৰম্ভ কৰক, যিবোৰ যীচুৱে এই পৃথিৱীত থকাৰ শেষৰ সপ্তাহত ঘটিছিল। পৃষ্ঠা ৬-৭-ত “২০২৪ চনৰ স্মৰণীয় দিনৰ লগত জড়িত পদবোৰ” নামৰ ভাগত দিয়া হৈছে। তাত প্ৰতিদিনৰ বাবে কিছুমান পদ আৰু তথ্য পঢ়িবলৈ উৎসাহিত কৰা হৈছে। তাৰ পৰা আপুনি কিমান পঢ়িব তাৰ নিৰ্ণয় লʼব পাৰে

  • স্মৰণীয় দিনাখন jw.org-ত ৰাতিপুৱা উপাসনাৰ কাৰ্য্যক্ৰম চাওক, যি বিশেষকৈ সেই দিনৰ বাবে তৈয়াৰ কৰা হৈছে

  • স্মৰণীয় সভাত অহা আলহী আৰু সেই ভাই-ভনীসকলক আদৰণী জনাওক, যিসকলে কিছু সময়ৰ পৰা প্ৰচাৰ আৰু সভাত আহিবলৈ এৰি দিছে। কাৰ্য্যক্ৰমৰ পাছত যদি কোনোবাই প্ৰশ্ন সোধে, তেনেহʼলে তেওঁক উত্তৰ দিবলৈ চেষ্টা কৰক। তেওঁক পুনৰ লগ কৰিবলৈ ব্যৱস্থা কৰক

  • স্মৰণীয় দিনৰ আগত আৰু পাছত মুক্তিৰ মূল্যৰ বিষয়ে মনন কৰক

যীচুৰ মৃত্যুক সোঁৱৰণ কৰক ভিডিঅʼখন দেখুৱাওক তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

স্মৰণীয় দিনৰ অভিযানত ভাগ লোৱাৰ সময়ত আমি কেনেকৈ এই ভিডিঅʼখন ব্যৱহাৰ কৰিব পাৰোঁ?

৯. মণ্ডলীৰ বাইবেল অধ্যয়ন

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ৫১ আৰু প্ৰাৰ্থনা