Skip to content

Skip to table of contents

মাৰ্চ ৩-৯

হিতোপদেশ ৩

মাৰ্চ ৩-৯

গীত নং ৮ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. যিহোৱাৰ ওপৰত আপুনি ভৰসা কৰে বুলি দেখুৱাওক

(১০ মি.)

যিহোৱাৰ ওপৰত ভৰসা কৰক, নিজৰ ওপৰত নহয় (হিতো ৩:৫; ijwbv-E ১৪ ¶৪-৫)

ইয়াৰ বাবে যিহোৱাৰ পৰা নিৰ্দেশনা বিচাৰক আৰু তাৰ অনুসৰি পদক্ষেপ লওক (হিতো ৩:৬; ijwbv-E ১৪ ¶৬-৭)

নিজৰ বুদ্ধি আৰু দক্ষতাৰ ওপৰত বেছিকৈ ভৰসা নকৰিব (হিতো ৩:৭; w২৩.০৯ ৪ ¶১০)

নিজকে সোধক, ‘মই সকলো বিষয়তে যিহোৱাৰ পৰা নিৰ্দেশনা বিচাৰোঁ নে?’

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • হিতো ৩:৩—আমি কিয় এজনে-আনজনক দয়া অৰ্থাৎ প্ৰকৃত প্ৰেম দেখুৱা উচিত? (w২১.১১ ৮ ¶১-২)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) হিতো ৩:১-১৮ (শিক্ষা অধ্যায় ১২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। সাধাৰণতে কথা-বতৰাত অহা কোনো এটা বাধা কেনেকৈ পাৰ কৰিব পাৰি, তাক দেখুৱাওক। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৫)

৫. কথা-বতৰা আৰম্ভ কৰক

(৪ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। এজন ব্যক্তিক আমাৰ jw.org ৱেবছাইটৰ বিষয়ে জনাওক আৰু যোগাযোগৰ কাৰ্ডখন দিয়ক। (লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৩)

৬. ভাষণ

(৫ মি.) w২১.০৫ ১৮ ¶১৫-১৬ —বিষয়: যেতিয়া প্ৰচাৰত লোকসকলে নুশুনে, তেতিয়া যিহোৱাৰ ওপৰত ভৰসা ৰাখক (শিক্ষা অধ্যায় ২০)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ১২৪

৭. আপুনি যিহোৱাৰ সংগঠনৰ ওপৰত ভৰসা কৰে বুলি দেখুৱাওক

(১৫ মি.) আলোচনা।

যেতিয়া বাইবেলৰ পৰা কিবা নিৰ্দেশনা দিয়া হয়, তেতিয়া তাৰ ওপৰত ভৰসা কৰিবলৈ আমাৰ বাবে সহজ হয়। কিন্তু যেতিয়া সংগঠনৰ কোনো এজন দায়িত্বত থকা অসিদ্ধ ভায়ে আমাক কিবা নিৰ্দেশনা দিয়ে, তেতিয়া তাৰ ওপৰত ভৰসা কৰিবলৈ আমাৰ কঠিন লাগিব পাৰে। আনকি যেতিয়া আমি সেই নিৰ্দেশনা বুজি নাপাওঁ বা আমাক ভাল নালাগে, তেতিয়া তাৰ ওপৰত ভৰসা কৰিবলৈ আমাক আৰু কঠিন লাগিব পাৰে।

মলাখী ২:৭ পঢ়ক তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • যিহোৱাই অসিদ্ধ মানুহৰ জৰিয়তে নিজৰ লোকসকলক নিৰ্দেশনা দি আছে বুলি জানি আমি কিয় আচৰিত হোৱা উচিত নহয়?

মথি ২৪:৪৫ পঢ়ক তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • যিহোৱাৰ সংগঠনৰ পৰা পোৱা নিৰ্দেশনাৰ ওপৰত আমি কিয় ভৰসা কৰিব পাৰোঁ?

ইব্ৰী ১৩:১৭ পঢ়ক তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • আমি কিয় নেতৃত্ব লোৱা ভাইসকলৰ নিৰ্দেশনা পালন কৰা উচিত, যিসকলৰ ওপৰত যিহোৱাই ভৰসা কৰে?

২০২১ প্ৰশাসন গোষ্ঠীৰ আপডেট #৯—এক আভাস ভিডিঅʼখন দেখুৱাওক তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • কভিড ১৯ মহামাৰীৰ সময়ছোৱাত আমি যি নিৰ্দেশনা পালোঁ, তাৰ পৰা সংগঠনৰ ওপৰত আপোনাৰ ভৰসা কেনেকৈ বাঢ়িল?

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৫৭ আৰু প্ৰাৰ্থনা