Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ২৫

“পৰ দি থাকা”

“পৰ দি থাকা”

২৫:১-১২

যীচুৱে দহজনী কন্যাৰ উদাহৰণ বিশেষকৈ অভিষিক্ত লোকসকলৰ বাবে ব্যৱহাৰ কৰিছিল। কিন্তু ইয়াৰপৰা লাভ কৰা শিক্ষা সকলো খ্ৰীষ্টানৰ বাবে প্ৰযোজ্য। (w১৫-HI ৩/১৫ ১২-১৬) “এতেকে পৰ দি থাকা; কিয়নো সেই দিন বা সময় তোমালোকে নাজানা।” (মথি ২৫:১৩) যীচুৱে দিয়া দৃষ্টান্তৰ বিষয়ে আপুনি বৰ্ণনা কৰিব পাৰিবনে?

  • দৰা (পদ ১)—যীচু

  • সুবুদ্ধি কন্যা (পদ ২)—অভিষিক্ত খ্ৰীষ্টানসকল। তেওঁলোকে বিশ্বাসেৰে নিজৰ দায়িত্ব পালন কৰে আৰু শেষলৈকে দীপ্তিস্বৰূপ প্ৰকাশিত হয় (ফিলি ২:১৪)

  • ৰিঙিওৱা: “সৌৱা দৰা!” (পদ ৬)—যীচুৰ উপস্থিতিৰ প্ৰমাণ

  • নিৰ্ব্বুদ্ধি কন্যা (পদ ৮)—এনে অভিষিক্ত খ্ৰীষ্টানসকল, যিসকলে দৰাৰ বাবে অপেক্ষা কৰে, কিন্তু তেওঁলোকে পৰ দি নাথাকে আৰু নিজৰ নিষ্ঠা বজাই ৰখাত বিফল হয়

  • সুবুদ্ধি কন্যাকেইজনীয়ে নিজৰ তেল ভগাবলৈ অমান্তি হয় (পদ ৯)—অন্তিম ছাব মৰাৰ পাছত, অভিষিক্ত খ্ৰীষ্টানসকলে, বিশ্বাসৰপৰা বিচলিত হোৱা অভিষিক্তসকলক সহায় কৰাৰ সময় আৰু নাথাকিব

  • “দৰা আহিল” (পদ ১০)—মহাক্লেশৰ শেষৰ সময়ছোৱাত, যীচুৱে বিচাৰ কৰিবলৈ আহিব

  • সুবুদ্ধি কন্যাকেইজনীয়ে দৰাৰ লগত বিয়াঘৰত সোমালে আৰু দুৱাৰ বন্ধ কৰা হ’ল (পদ ১০)—যীচুৱে নিজৰ বিশ্বাসী অভিষিক্ত খ্ৰীষ্টানসকলক স্বৰ্গত একত্ৰিত কৰে, কিন্তু বিশ্বাসত নথকা অভিষিক্তসকলে স্বৰ্গলৈ যোৱাৰ সুযোগ হেৰুৱায়