Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ঈশ্বৰ আৰু ওচৰ-চুবুৰীয়াৰ প্ৰতি প্ৰেম কেনেকৈ দেখুৱাব পাৰি

ঈশ্বৰ আৰু ওচৰ-চুবুৰীয়াৰ প্ৰতি প্ৰেম কেনেকৈ দেখুৱাব পাৰি

মোচিৰ নিয়মত দুটা প্ৰধান আজ্ঞাৰ বিষয়ে বৰ্ণনা কৰা আছে। সেয়া হৈছে ঈশ্বৰৰ প্ৰতি প্ৰেম আৰু ওচৰ-চুবুৰীয়াৰ প্ৰতি প্ৰেম। সত্য খ্ৰীষ্টানসকল যদিও মোচিৰ নিয়মৰ অধীনত নাই, কিন্তু এই দুটা নিয়মৰ যোগেদি আমি জানিব পাৰোঁ যে যিহোৱা ঈশ্বৰে আমাৰপৰা কি আশা কৰে। (মথি ২২:৩৭-৩৯) এনেধৰণৰ প্ৰেম আমি জন্মগতভাৱে লাভ নকৰোঁ, কিন্তু ইয়াক বিকশিত কৰিব লাগিব। কেনেকৈ বাৰু? এটা উপায় হৈছে প্ৰতিদিনে বাইবেল পঢ়া। যেতিয়া আমি বাইবেলত বৰ্ণনা কৰা যিহোৱা ঈশ্বৰৰ বিভিন্ন গুণৰ বিষয়ে আলোচনা কৰোঁ, তেতিয়া আমি “যিহোৱাৰ সৌন্দৰ্য্য দেখিবলৈ” সক্ষম হ’ম। (গীত ২৭:৪) পৰিণামস্বৰূপে, ঈশ্বৰৰ প্ৰতি থকা প্ৰেম ক্ৰমান্বয়ে গভীৰ হ’ব আৰু আমাৰ ভাবধাৰা তেওঁৰ দৰে হৈ পৰিব। ইয়ে আমাক যিহোৱাৰ আজ্ঞাবোৰ পালন কৰিবলৈ আৰু আনৰ প্ৰতি নিঃস্বাৰ্থ প্ৰেম দেখুৱাবলৈ সহায় কৰিব। (যোহ ১৩:৩৪, ৩৫; ১যোহ ৫:৩) বাইবেল পঢ়াটো আকৰ্ষণীয় কৰি তোলাৰ বাবে তলত তিনিটা পৰামৰ্শ উল্লেখ কৰা হৈছে:

  • আপোনাৰ কল্পনাশক্তি আৰু জ্ঞানেন্দ্ৰিয় ব্যৱহাৰ কৰক। কল্পনা কৰক যে আপুনি সেই ঠাইত উপস্থিত আছে। আপুনি কি দেখিছে, কি শুনিবলৈ পাইছে আৰু কেনেধৰণৰ গোন্ধ পাইছে? চাৰিওফালে থকা লোকসকলে কেনে অনুভৱ কৰিছে?

  • বেলেগ বেলেগ উপায় ব্যৱহাৰ কৰক। ইয়াত কেইটামান উপায় উল্লেখ কৰা হৈছে: জোৰেৰে পঢ়ক বা যদি আপোনাৰ ভাষাত অডিঅ’ ৰেকৰ্ডিং উপলব্ধ আছে, তেনেহ’লে শুনক। বাইবেলৰ অধ্যায়বোৰ ক্ৰমান্বয়ে পঢ়ি যোৱাৰ পৰিৱৰ্তে, কোনো এটা চৰিত্ৰ বা বিষয় লৈ পঢ়ক। উদাহৰণস্বৰূপে, যীচুৰ বিষয়ে পঢ়িবলৈ নিউ ৱৰ্ল্ড ট্ৰান্‌চলেশ্ব্যান্‌ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্‌ৰপৰা অতিৰিক্ত লেখ A৭ অথবা B১২ চাওক। যি অধ্যায়ৰপৰা দৈনিক পাঠ তুলি ধৰা হৈছে, সেই অধ্যায়টো পঢ়ক। বাইবেলৰ কিতাপবোৰ লিখা বছৰৰ ক্ৰম অনুসৰি পঢ়ক।

  • বুজিব পৰাকৈ পঢ়ক। কেৱল বাইবেলখন পঢ়ি শেষ কৰাৰ উদ্দেশ্যেৰে এদিনতে বহুতো অধ্যায় পঢ়াৰ পৰিৱৰ্তে, যদি আপুনি প্ৰতিদিনে এটা অধ্যায়ো পঢ়ি, ইয়াৰ অৰ্থ বুজিবলৈ আৰু ধ্যান কৰিবলৈ চেষ্টা কৰে, তেনেহ’লে আপুনি বেছিকৈ উপকৃত হ’ব। ইয়াৰ লগত জড়িত থকা বিষয়বোৰ বিবেচনা কৰক। সবিশেষ চালি-জাৰি চাওক। নিউ ৱৰ্ল্ড ট্ৰান্‌চলেশ্ব্যান্‌ত থকা মানচিত্ৰ আৰু শব্দকোষ ব্যৱহাৰ কৰক। আপুনি বুজি নোপোৱা অন্ততঃ এটা বিষয়ৰ ওপৰত অনুসন্ধান কৰক। যদি সম্ভৱ হয়, তেনেহ’লে আপুনি যিমান সময় বাইবেল পঢ়াৰ বাবে ব্যৱহাৰ কৰে, সিমান সময় ধ্যান কৰাৰ বাবেও উলিয়াওক।