“যি কোনোৱে তোমালোকৰ মাজত মহান হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ পৰিচাৰক হওক”
অহংকাৰী অধ্যাপক আৰু ফৰীচীসকলে সমাজত সন্মানীয় পদ আৰু আনৰপৰা প্ৰশংসা লাভ কৰিবলৈ ইচ্ছা কৰিছিল। (মথি ২৩:৫-৭) কিন্তু যীচু খ্ৰীষ্ট তেনে নাছিল। “মানুহৰ পুত্ৰই সেৱা-শুশ্ৰূষা পাবলৈ নহয়, সেৱা-শুশ্ৰূষা কৰিবলৈ” আহিছিল। (মথি ২০:২৬) আমি যিহোৱা ঈশ্বৰৰ সেৱাত কেৱল আনৰ চকুত পৰাকৈ বা আনৰপৰা প্ৰশংসা পাবলৈ কাম কৰোঁ নেকি? আনৰ লাভৰ বাবে কাম কৰিলেহে আমি যীচুৰ দৰে হ’ব পাৰিম। সাধাৰণতে এনেধৰণৰ কাৰ্য্যবোৰ আনৰ দৃষ্টিগোচৰ নহয়, কিন্তু যিহোৱা ঈশ্বৰেহে লক্ষ্য কৰে। (মথি ৬:১-৪) এজন নম্ৰ পৰিচাৰকে . . .
-
ৰাজ্যগৃহ পৰিষ্কাৰ আৰু তদাৰক কৰাত সহায় আগবঢ়ায়
-
বয়সস্থ আৰু আনকো সহায় কৰিবলৈ আগভাগ লয়
-
ৰাজ্যৰ লগত জড়িত থকা কাৰ্য্যৰ বাবে দান-বৰঙণি আগবঢ়ায়