Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা​—ভালদৰে চিঠি লিখক

ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা​—ভালদৰে চিঠি লিখক

কিয় গুৰুত্বপূৰ্ণ: পাঁচনি পৌলে নিজৰ খ্ৰীষ্টান ভাই-ভনীসকলক উৎসাহিত কৰিবলৈ ১৪ খন চিঠি লিখিছিল। তাৰে মাজত এখন হৈছে ১ কৰিন্থীয়া। যেতিয়া এজন ব্যক্তিয়ে চিঠি লিখে, তেতিয়া তেওঁ ভাবি-চিন্তি শব্দ বাছনি কৰে যাতে চিঠি পঢ়াজনে তাক বাৰে বাৰে পঢ়িব পাৰে। চিঠি লিখাৰ যোগেদি নিজৰ সম্বন্ধীয় লোক আৰু চিনাকী লোকসকলক সাক্ষ্য দিব পাৰি। আমি এনে লোকসকলকো চিঠি লিখিব পাৰোঁ, যিসকলৰ লগত আমি প্ৰত্যক্ষভাৱে কথা পাতিব নোৱাৰোঁ। উদাহৰণস্বৰূপে, কোনোবাই হয়তো আমাৰ বাৰ্ত্তাৰ প্ৰতি আগ্ৰহ দেখুৱাইছে, কিন্তু তেওঁক ঘৰত লগ পোৱা নাযায়। এনে কিছুমান লোক আছে, যিসকলে ডাঙৰ ডাঙৰ ঘৰত থাকে অথবা এনে সমাজত থাকে, য’ত যোৱাৰ বাবে নিষেধ আছে বা দূৰ-দূৰণি এলেকাত থাকে। বিশেষকৈ অচিনাকী লোকসকলক চিঠি লিখাৰ সময়ত আমি কিছুমান বিষয় ধ্যান দিয়াৰ প্ৰয়োজন।

ইয়াক কেনেকৈ কৰিব:

  • আপুনি ব্যক্তিজনক লগ পালে যিদৰে কথা পাতিব, ঠিক সেইদৰে চিঠিখনতো লিখক। আৰম্ভণিতে নিজৰ পৰিচয় দিয়ক আৰু চিঠি লিখাৰ উদ্দেশ্য স্পষ্টকৈ জনাওক। ব্যক্তিজনে যাতে বিষয়টোৰ প্ৰতি আগ্ৰহী হয়, তাৰ বাবে আপুনি এটা প্ৰশ্ন সুধিব পাৰে। তাৰ পাছত আমাৰ ৱেবছাইটৰ বিষয়ে উল্লেখ কৰক। পবিত্ৰ শাস্ত্ৰৰ অনলাইন কৰ্চ (অসমীয়াত উপলব্ধ নাই) অথবা ঘৰত বাইবেল অধ্যয়ন কৰাৰ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰিব পাৰে। নতুবা অধ্যয়নৰ বাবে দিয়া যিকোনো প্ৰকাশনৰ অধ্যায়ৰ শীৰ্ষক লিখিব পাৰে। চিঠিখনৰ লগতে আপুনি যোগাযোগৰ কাৰ্ড, নিমন্ত্ৰণ-পত্ৰ বা এখন ট্ৰেক্ট দিব পাৰে

  • চমুকৈ লিখক। আপুনি দীঘলীয়াকৈ নিলিখিব যাতে ব্যক্তিজনে চিঠিখন পঢ়ি আমনি পায়।​​—চিঠিৰ আৰ্হি চাওক

  • পঠিওৱাৰ আগত চিঠিখন ভালদৰে পঢ়ি চাওক, যাতে কোনো ভুল থাকি নাযায় আৰু চিঠিখন পৰিষ্কাৰ হোৱাটো নিশ্চিত কৰক। চিঠিৰ কথাবোৰ ­বন্ধুত্বপৰায়ণ, কৌশলপূৰ্ণ আৰু ইতিবাচক হোৱা উচিত। লেফাফাত যথেষ্ট পৰিমাণৰ ষ্টাম্প লগাওক