Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

মই কাক নিমন্ত্ৰণ কৰিম?

মই কাক নিমন্ত্ৰণ কৰিম?

আমি প্ৰতিবছৰে আমাৰ এলেকাৰ লোকসকলক স্মৰণীয় দিনত উপস্থিত হোৱাৰ বাবে নিমন্ত্ৰণ-পত্ৰ দিবলৈ কঠিন পৰিশ্ৰম কৰোঁ। বেছিভাগ লোক আমাৰ বাবে পৰিচিত নহয়। আমাৰ পৰিচিত লোকসকলকো আমি নিমন্ত্ৰণ কৰা উচিত। যিসকলে পৰিচিত লোকৰপৰা নিমন্ত্ৰণ-পত্ৰ লাভ কৰে, তেওঁলোকে প্ৰায়ে স্মৰণীয় দিনত উপস্থিত হোৱাৰ সম্ভাৱনা থাকে। (yb০৮-E ১১ ৩; ১৪ ১) আপুনি কাক ব্যক্তিগতভাৱে নিমন্ত্ৰণ কৰিব বিচাৰে?

  • সম্বন্ধীয় লোক

  • সহকৰ্মী বা সহপাঠী

  • ওচৰ-চুবুৰীয়া

  • বৰ্তমান আৰু অতীতত কৰা বাইবেল বিদ্যাৰ্থী আৰু পুনৰ সাক্ষাৎ কৰা লোক

ইয়াৰ উপৰিও, যিসকলে প্ৰচাৰ কৰিবলৈ বন্ধ কৰিছে, তেওঁলোকক নিমন্ত্ৰণ কৰিবলৈ প্ৰাচীনসকলে তালিকা প্ৰস্তুত কৰিব পাৰে। যদি আপুনি আপোনাৰ পৰিচিত ব্যক্তিজনক নিমন্ত্ৰণ দিছে, কিন্তু তেওঁ আপোনাৰ এলেকাত নাথাকে, তেনেহ’লে আপুনি কি কৰিব? তেওঁৰ এলেকাৰ স্মৰণীয় দিনৰ সময় আৰু ঠিকনা জানিবলৈ আপুনি jw.org ৱেবছাইটত যাওক আৰু মুখ্য পেজৰ ওপৰত থকা আমাৰ বিষয়ে ভাগত ক্লিক কৰক আৰু “স্মৰণীয় দিন” বাছনি কৰক। এই বছৰৰ স্মৰণীয় দিনৰ বাবে প্ৰস্তুতি কৰাৰ সময়ত আপুনি সেই লোকসকলৰ বিষয়ে চিন্তা কৰক, যিসকলক আপুনি নিমন্ত্ৰণ কৰিব বিচাৰে। তাৰ পাছত তেওঁলোকক নিমন্ত্ৰণ দিয়ক।