Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

নিজৰ ইচ্ছাবোৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক

নিজৰ ইচ্ছাবোৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক

আমি সকলোৱে অসিদ্ধ হোৱাৰ বাবে নিজৰ ইচ্ছাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ একেৰাহে সংঘৰ্ষ কৰিবলগীয়া হয়। যদি আমি নিজৰ ইচ্ছাবোৰ নিয়ন্ত্ৰণ নকৰোঁ আৰু আমাৰ মনলৈ যি আহে তাকে কৰোঁ, তেনেহʼলে আমি যিহোৱাৰ অনুমোদন হেৰুৱাব পাৰোঁ। যেনে, কিছুমান লোকৰ বাবে খোৱা-বোৱা, ঘৰ-বাৰী আৰু কাপোৰ-কানি ইত্যাদি অতি গুৰুত্বপূৰ্ণ। তেওঁলোকে ঈশ্বৰতকৈ এই বস্তুবোৰক বেছি প্ৰেম কৰে। কিছুমান লোকে ঈশ্বৰৰ মানদণ্ডৰ বিষয়ে চিন্তাই নকৰে আৰু ভুল পদ্ধতিৰে নিজৰ যৌন-ইচ্ছাবোৰ পূৰ কৰে। (ৰোম ১:২৬, ২৭) এনে কিছুমান লোক আছে, যিসকলে আনৰ দৃষ্টিত ভাল হʼবলৈ বিচাৰে, সেইবাবে তেওঁলোকে আনৰ কথা শুনি বেয়া কাম কৰে।—যাত্ৰা ২৩:২.

আমি আমাৰ ইচ্ছাবোৰক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ? যি কথাবোৰৰ পৰা যিহোৱাই আনন্দিত হয়, আমি সেইবোৰলৈ ধ্যান দিয়া উচিত। (মথি ৪:৪) ইয়াৰ উপৰিও আমি নিজৰ ইচ্ছাবোৰক নিয়ন্ত্ৰণ কৰিবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত। কিয় বাৰু? কিয়নো যিহোৱাই জানে যে আমাৰ বাবে কি ভাল আৰু আমাৰ সঠিক ইচ্ছাবোৰ তেওঁ পূৰ কৰিব পাৰে।—গীত ১৪৫:১৬.

নিজৰ জীৱনটো ধোঁৱাত উৰাই নিদিব নামৰ ভিডিঅʼখন চাওক আৰু তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • কিছুমান লোকে কিয় চিগাৰেট খায়?

  • চিগাৰেট খালে আপোনাৰ কি ক্ষতি হʼব?

  • হোকা আৰু ইলেকট্ৰনিক চিগাৰেট খোৱাটো কিয় ভুল হয়?—২ কৰি ৭:১.

  • আপুনি চিগাৰেট খোৱাৰ ইচ্ছাক নিয়ন্ত্ৰণ কৰিব পাৰিব!

    চিগাৰেট খোৱাৰ পৰা আপুনি নিজকে কেনেকৈ বচাব পাৰে? এই অভ্যাসটো আপুনি কেনেকৈ এৰিব পাৰে?