Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখনৰ পৰা যিহোৱা আৰু যীচুৰ ওপৰত লোকসকলৰ বিশ্বাস বঢ়াওক

দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখনৰ পৰা যিহোৱা আৰু যীচুৰ ওপৰত লোকসকলৰ বিশ্বাস বঢ়াওক

ঈশ্বৰক আনন্দিত কৰিবলৈ বিদ্যাৰ্থীয়ে নিজৰ বিশ্বাস বঢ়াব লাগিব। (ইব্ৰী ১১:৬) এনে কৰিবলৈ আমি তেওঁলোকক সহায় কৰিব লাগিব। দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখন এই উদ্দেশ্যেৰে প্ৰস্তুত কৰা হৈছে। এই কিতাপখনত কোনো এটা বিষয় বুজাবলৈ কিছুমান প্ৰভাৱশালী প্ৰশ্ন সোধা হৈছে, বিশেষ পদ, যুক্তি আৰু হৃদয় স্পৰ্শ কৰা ভিডিঅʼ আৰু ছবিবোৰ দিয়া হৈছে। এজন খ্ৰীষ্টানক প্ৰয়োজন হোৱা গুণবোৰ বৃদ্ধি কৰিবলৈ আৰু ঈশ্বৰৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ আমি বিদ্যাৰ্থীক সহায় কৰোঁ। এনে কৰিলে তেওঁলোক জুইয়ে পুৰিব নোৱৰা ঘৰৰ দৰে হʼব।—১কৰি ৩:১২-১৫.

ঈশ্বৰক নেদেখাৰ বাবে কিছুমান লোকে ভাবে যে তেওঁলোকে কেনেকৈ ঈশ্বৰৰ বন্ধু হʼব পাৰে। সেইবাবে, যিহোৱাক ভালদৰে জানিবলৈ আৰু তেওঁৰ ওপৰত ভৰসা কৰিবলৈ আমি তেওঁলোকক শিকোৱা উচিত।

দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখনৰ পৰা যিহোৱাৰ ওপৰত লোকসকলৰ বিশ্বাস বঢ়াওক নামৰ ভিডিঅʼখন চাওক আৰু তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ভনীগৰাকীয়ে অধ্যয়নৰ বাবে ভালদৰে প্ৰস্তুতি কৰিছিল বুলি আমি কিয় কʼব পাৰোঁ?

  • যিচয়া ৪১:১০, ১৩ পদৰ পৰা বিদ্যাৰ্থীয়ে কি বুজিলে, তাক জানিবলৈ ভনীগৰাকীয়ে কেনেধৰণৰ সৰু সৰু প্ৰশ্ন সুধিলে?

  • ভিডিঅʼ আৰু বাইবেলৰ পদবোৰে বিদ্যাৰ্থীক কেনেকৈ প্ৰভাৱ পেলালে?

কিছুমান লোকে মুক্তিপণস্বৰূপ বলিদানৰ প্ৰকৃত অৰ্থ নাজানে। তেওঁলোকে বুজি নাপায় যে ঈশ্বৰে তেওঁলোকৰ বাবে নিজৰ পুত্ৰৰ বলিদান দিছিল। (গালা ২:২০) সেইবাবে, যীচুৰ মুক্তিপণস্বৰূপ বলিদানৰ ওপৰত আমি তেওঁলোকৰ বিশ্বাস বঢ়াবলৈ সহায় কৰিব লাগিব।

দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখনৰ পৰা যীচুৰ ওপৰত লোকসকলৰ বিশ্বাস বঢ়াওক নামৰ ভিডিঅʼখন চাওক আৰু তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ভাইজনে অধ্যয়নৰ বাবে ভালদৰে প্ৰস্তুতি কৰিছিল বুলি আমি কিয় কʼব পাৰোঁ?

  • ভাইজনে বিদ্যাৰ্থীজনক মনত ৰাখি “বেছিকৈ জানক” নামৰ ভাগত দিয়া লেখ কেনেকৈ ব্যৱহাৰ কৰিলে?

  • আমি কিয় বিদ্যাৰ্থীৰ বাবে প্ৰাৰ্থনা কৰা উচিত?