Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

‘প্ৰেমে অহংকাৰ নকৰে’

‘প্ৰেমে অহংকাৰ নকৰে’

প্ৰেমে আমাক নম্ৰ হৈ থাকিবলৈ সহায় কৰে। (১কৰি ১৩:৪, ৫) যদি আমি নিজৰ ভাই-ভনীসকলক প্ৰেম কৰোঁ, তেনেহʼলে আমি তেওঁলোকক নিজতকৈ উত্তম বুলি ভাবিম। আমি তেওঁলোকৰ ভাল গুণবোৰ চাম আৰু তেওঁলোকক সহায় কৰিবলৈ নিজৰ দক্ষতা ব্যৱহাৰ কৰিম। (ফিলি ২:৩, ৪) আমি যিমানেই এই প্ৰেম দেখুৱাওঁ, যিহোৱাই সিমানেই আমাক তেওঁৰ কামত ব্যৱহাৰ কৰিব।

প্ৰেমে কেনেদৰে আচৰণ কৰে মনত পেলাওক—অহংকাৰ নকৰে নামৰ ভিডিঅʼখন চাওক আৰু তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • অবচালোমৰ ওচৰত কি কি আছিল, যিবোৰ আনৰ ওচৰত নাছিল?

  • তেওঁ কেনেকৈ এইবোৰৰ বেয়া ব্যৱহাৰ কৰিলে?

  • আমি অহংকাৰী নহʼবলৈ কিহৰ প্ৰতি ধ্যান দিব লাগিব?—গালা ৫:২৬.