Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

‘প্ৰেমে অধাৰ্ম্মিকতাত আনন্দ নকৰে’

‘প্ৰেমে অধাৰ্ম্মিকতাত আনন্দ নকৰে’

সত্য খ্ৰীষ্টানসকলে যিকোনো কাম প্ৰেমৰ বাবে কৰে। কিয়নো প্ৰেমে ‘অধাৰ্ম্মিকতাত আনন্দ নকৰে।’ (১কৰি ১৩:৪, ৬) সেইবাবে, আমি এনে কোনো মনোৰঞ্জন নকৰোঁ, যিবোৰে হিংসা বা অনৈতিক কাম কৰিবলৈ উৎসাহিত কৰে। ইয়াৰ উপৰিও আনৰ লগত বেয়া ঘটনা ঘটিলে আমি আনন্দিত নহওঁ, যদিও তেওঁলোকে আমাক আঘাত নিদিয়ক কিয়, তথাপি আমি তেওঁলোকৰ প্ৰতিও একে ভাবনা ৰাখোঁ।—হিতো ১৭:৫.

প্ৰেমে কেনেদৰে আচৰণ কৰে মনত পেলাওক—অধাৰ্ম্মিকতাত আনন্দ নকৰে নামৰ ভিডিঅʼখন চাওক আৰু তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • চৌল আৰু যোনাথনৰ মৃত্যুৰ খবৰ শুনি দায়ূদৰ কেনেকুৱা লাগিল?

  • চৌল আৰু যোনাথনক মনত পেলাই দায়ূদে কোনটো বিলাপগীত ৰচিছিল?

  • চৌলৰ মৃত্যুৰ খবৰ শুনি দায়ূদ আনন্দিত নাছিল, কিয় বাৰু?