খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“প্ৰেমে . . . সকলোতে আশা কৰে”
আমি নিজৰ ভাই-ভনীসকলক নিস্বাৰ্থভাৱে প্ৰেম কৰোঁ, সেইবাবে তেওঁলোকে সঠিক কাম কৰিব বুলি আমি আশা কৰোঁ। (১কৰি ১৩:৪, ৭) উদাহৰণস্বৰূপে, যদি এজন ভায়ে পাপ কৰে আৰু প্ৰাচীনে তেওঁক শুধৰণি কৰিবলৈ পৰামৰ্শ দিয়ে, তেনেহʼলে তেওঁ সেই পৰামৰ্শ পালন কৰিব আৰু নিজকে শুধৰাব বুলি আমি আশা কৰোঁ। যিসকলৰ বিশ্বাস দুৰ্বল, আমি তেওঁলোকৰ দুৰ্বলতাবোৰৰ প্ৰতি ধৈৰ্য্য দেখুৱাওঁ আৰু তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰোঁ। (ৰোম ১৫:১) যদি কোনো ব্যক্তিয়ে মণ্ডলী এৰি গুচি যায়, তেওঁ এদিন নহয় এদিন উভতি আহিব বুলি আমি আশা কৰোঁ।—লূক ১৫:১৭, ১৮.
প্ৰেমে কেনেদৰে আচৰণ কৰে মনত পেলাওক—সকলোতে আশা কৰে নামৰ ভিডিঅʼখন চাওক আৰু তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
-
অবনেৰ আগতে কাৰ ফলীয়া আছিল আৰু পাছত কাৰ ফলীয়া হৈ গʼল?
-
অবনেৰৰ অনুৰোধত দায়ূদে কি কৰিলে আৰু যোৱাবে কি কৰিলে?
-
আমাৰ ভাই-ভনীসকলে সঠিক কাম কৰিব বুলি আমি কিয় আশা ৰখা উচিত?