Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

শেহতীয়াকৈ ঘটা ঘটনাৰ বিষয়ে উল্লেখ কৰি কথা পাতক

শেহতীয়াকৈ ঘটা ঘটনাৰ বিষয়ে উল্লেখ কৰি কথা পাতক

যীচুৱে শেহতীয়াকৈ ঘটা ঘটনাৰ বিষয়ে উল্লেখ কৰি লোকসকলক শিকাইছিল। (লূক ১৩:১-৫) আপুনিও শেহতীয়াকৈ ঘটা ঘটনাবোৰ ব্যৱহাৰ কৰি ৰাজ্যৰ শুভবাৰ্তাৰ প্ৰতি লোকসকলক আগ্ৰহী কৰি তুলিব পাৰে। যেনে, বস্তু-বাহিনীৰ বাঢ়ি যোৱা দাম, প্ৰাকৃতিক দুৰ্যোগ, প্ৰতিবাদ, ড্ৰাগছৰ আসক্তি বা আন কিবা বাতৰিৰ বিষয়ে কʼব পাৰে আৰু তাৰ পাছত এনেধৰণৰ প্ৰশ্ন সুধিব পাৰে, “আপুনি কি ভাবে, . . . কেতিয়াবা শেষ হʼবনে?” অথবা “আপুনি কি ভাবে, এই সমস্যাৰ সমাধান আছেনে?” ইয়াৰ পাছত সেই বিষয়ৰ লগত জড়িত কোনো এটা পদ দেখুৱাব পাৰে। যদি ব্যক্তিজনে জানিবলৈ বেছিকৈ আগ্ৰহী হয়, তেনেহʼলে শিক্ষাদানৰ সজুলিৰ বাকচৰপৰা কোনো এখন ভিডিঅʼ দেখুৱাব পাৰে বা প্ৰকাশন দিব পাৰে। গতিকে আহক আমি “শুভবাৰ্ত্তাৰ নিমিত্তে” এনে সকলো কাম কৰোঁ, যিয়ে লোকসকলৰ হৃদয় স্পৰ্শ কৰিব।—১ কৰি ৯:২২, ২৩.

আপোনাৰ এলেকাৰ লোকসকলে কি কি বিষয়ত কথা পাতিলে ভাল পাব?