Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ধৰ্মত্যাগীসকলৰ পৰা সাৱধান

ধৰ্মত্যাগীসকলৰ পৰা সাৱধান

চয়তান আৰু তাৰ অধীনত থকা লোকসকলে প্ৰায়ে সত্যৰ লগত মিছা কথা মিহলাই আমাৰ বিশ্বাস দুৰ্বল কৰিবলৈ চেষ্টা কৰে। (২কৰি ১১:৩) উদাহৰণস্বৰূপে, অচূৰৰ লোকসকলে আধা সঁচা কথা বা স্পষ্টকৈ মিছা কথা কৈ যিহোৱাৰ লোকসকলক নিৰাশ কৰিবলৈ চেষ্টা কৰিছিল। (২বং ৩২:১০-১৫) আজি ধৰ্মত্যাগীসকলেও এইদৰে কৰে। তেওঁলোকে শিকোৱা কথাবোৰক আমি কেনে দৃষ্টিৰে চোৱা উচিত? এইবোৰ বিহৰ নিচিনা হয়! সেইবাবে, আমি তেওঁলোকে লিখা কথাবোৰ কেতিয়াও পঢ়া উচিত নহয়, তেওঁলোকৰ লগত কথা পতা উচিত নহয় আৰু তেওঁলোকক কোনো কথাৰ উত্তৰো দিয়া উচিত নহয়। আনকি আমি তেওঁলোকে কোৱা কথা আনকো কোৱা উচিত নহয়। যদি আপুনি এনে কোনো কথাৰ বিষয়ে জানিবলৈ পায়, যিয়ে আপোনাৰ মনত যিহোৱা আৰু তেওঁৰ সংগঠনৰ প্ৰতি সন্দেহ জন্মাব পাৰে, তেনেহʼলে লগে লগে জানি লওক যে সেই কথাবোৰ ধৰ্মত্যাগীসকলৰ পৰা হয় আৰু তাৰ পৰা আঁতৰি থাকক।—যিহূ ৩, ৪.

বিশ্বাসৰ পক্ষে সংঘৰ্ষ কৰক’—এক আভাস  নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ইন্টাৰনেট ৱেবছাইট ব্যৱহাৰ কৰাৰ সময়ত আমি কিয় সাৱধান হৈ থকা উচিত?

  • আমি ৰোমীয়া ১৬:১৭ পদত দিয়া পৰামৰ্শ কেনেকৈ পালন কৰিব পাৰোঁ?