Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

কথা-বতৰা আৰম্ভ কৰি আনন্দিত হওক

কথা-বতৰা আৰম্ভ কৰি আনন্দিত হওক

লোকসকলৰ লগত সাধাৰণ বিষয়বোৰত কথা পতাটো আনন্দময় হোৱাৰ লগতে ই এটা প্ৰচাৰ কৰাৰ প্ৰভাৱশালী উপায়ো হয়। কিন্তু বহু বাৰ কথা-বতৰা আৰম্ভ কৰাৰ কথা ভাবিয়েই আমাক হয়তো ভয় লাগে, কাৰণ সেই সময়ত আমি ভাবি থাকোঁ যে বাইবেলৰ কথা কেনেকৈ জনাম। সেইবাবে, প্ৰচাৰ কেনেকৈ কৰিম, তাৰ বিষয়ে বেছিকৈ ভবাৰ পৰিৱৰ্তে আমি লোকসকলৰ প্ৰতি আগ্ৰহ দেখুৱা উচিত। (মথি ২২:৩৯; ফিলি ২:৪) কথা পাতি থকাৰ সময়ত যদি আমি সুযোগ পাওঁ, তেনেহʼলে আমি বাইবেলৰ পৰা কিছুমান কথা তেওঁক কʼব পাৰোঁ আৰু এনে কৰিবলৈ আমাৰ ওচৰত বহুতো আলোচনী আছে।

কথা পাতি থকাৰ সময়ত যদি এনে কিবা এটা বিষয় আহি পৰে, যʼত আপুনি প্ৰচাৰ কৰিব পাৰে, তেনেহʼলে তলত দিয়া আলোচনীবোৰ আপুনি কেনেকৈ ব্যৱহাৰ কৰিব পাৰে?

“লোহাই লোহাক চোকা কৰে”—কথা-বতৰাৰ আৰম্ভণি নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নৰ উত্তৰ দিয়ক:

কথা-বতৰা আৰম্ভ কৰাৰ দক্ষতা বঢ়াবলৈ আমি কি তিনিটা পদক্ষেপ লʼব পাৰোঁ?