Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

নিজকে যিহোৱাৰ দৃষ্টিৰে চাওক

নিজকে যিহোৱাৰ দৃষ্টিৰে চাওক

“যিহোৱাই নিজ প্ৰজাবিলাকত সন্তোষ পায়।” (গীত ১৪৯:৪) আমি যদিও অসিদ্ধ হয়, কিন্তু যিহোৱাই আমাৰ ভাল গুণবোৰলৈ ধ্যান দিয়ে। আমি কি কি কৰিব পাৰোঁ, তেওঁ সেয়াও চায়। কিন্তু কেতিয়াবা কেতিয়াবা হয়তো কিছুমান কাৰণৰ বাবে আমি নিজৰ মাজত ভাল গুণবোৰ দেখা নাপাওঁ। যেনে, আনে যেতিয়া আমাৰ লগত বেয়া ব্যৱহাৰ কৰে, তেতিয়া আমি ভাবিব পাৰোঁ যে আমি কোনো কামৰ যোগ্য নহয় অথবা অতীতত কৰা কোনো এটা ভুলৰ বাবে আমাক হয়তো লাগিব পাৰে যে যিহোৱাই আমাক প্ৰেম কৰিব নোৱাৰে। এনেধৰণৰ ভাৱনাৰ পৰা যুঁজিবলৈ আমি কি কৰিব পাৰোঁ?

মনত ৰাখক, মানুহে যিবোৰ চাব নোৱাৰে, সেইবোৰ যিহোৱাই চাব পাৰে। (১চমূ ১৬:৭) আনকি, আমি নিজৰ মাজত যিবোৰ দেখা নাপাওঁ, সেইবোৰ যিহোৱাই চাব পাৰে। লগতে আনন্দৰ কথা যে যিহোৱাই আমাক কি দৃষ্টিৰে চায়, সেয়া আমি বাইবেলৰ পৰা জানিব পাৰোঁ। বাইবেলত এনে বহুতো পদ আৰু উদাহৰণ দিয়া আছে, যাৰ পৰা আমি জানিব পাৰোঁ যে যিহোৱাই নিজৰ সেৱকসকলক কিমান প্ৰেম কৰে।

যিহোৱাই আপোনাক প্ৰেম কৰে বুলি নিজকে প্ৰমাণ দিয়ক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • এজন লʼৰা আৰু তেওঁৰ দেউতাকৰ উদাহৰণৰ পৰা আমি কি শিকিব পাৰোঁ?

  • যেতিয়া এজন ব্যক্তিয়ে গম্ভীৰ পাপ কৰাৰ পাছত যিহোৱাৰ ওচৰলৈ উভতি আহিবলৈ পদক্ষেপ লয়, তেতিয়া যিহোৱাই তেওঁক প্ৰেম কৰে বুলি তেওঁ নিজকে কেনেকৈ প্ৰমাণ দিব পাৰে?—১যোহ ৩:১৯, ২০

  • যেতিয়া ভাইজনে দায়ূদ আৰু যিহোচাফটৰ বিষয়ে পঢ়িলে আৰু ধ্যান কৰিলে, তেতিয়া তেওঁৰ কি লাভ হʼল?