Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

যিহোৱা “পিতৃহীনৰ পিতৃ”

যিহোৱা “পিতৃহীনৰ পিতৃ”

প্ৰতিবছৰে ডেকাসকলে যিহোৱাৰ লগত বন্ধুত্ব কৰিবলৈ নিৰ্ণয় লয়। (গীত ১১০:৩) যদি আপুনি তেওঁলোকৰ মাজৰ এজন হয়, তেনেহʼলে বিশ্বাস ৰাখক যে যিহোৱাই আপোনাৰ বিষয়ে চিন্তা কৰে। তেওঁৰ সেৱা কৰাটো আপোনাৰ বাবে সহজ নহয় বুলি তেওঁ বুজি পায়। সেইবাবে, তেওঁ আপোনাক সহায় কৰিব বুলি প্ৰতিজ্ঞা কৰিছে। যদি আপোনাৰ দেউতা বা মায়ে অকলে আপোনাক ডাঙৰ-দীঘল কৰিছে, তেনেহʼলে মনত ৰাখক যে যিহোৱাই আপোনাৰ যত্ন লʼব। বাইবেলত লিখা আছে যে তেওঁ “পিতৃহীনৰ পিতৃ।” (গীত ৬৮:৫) আপোনাৰ ঘৰৰ পৰিস্থিতি যিয়ে নহওক কিয়, আপুনি যিহোৱাৰ পৰা শিকিব পাৰে আৰু তেওঁৰ সেৱা কৰাত সফল হʼব পাৰে।—১পিত ৫:১০.

তেওঁলোকে বিশ্বাসৰ বাবে মনে-প্ৰাণে সংঘৰ্ষ কৰি আছে—যিসকলৰ কেৱল পিতৃ বা মাতৃ সত্যত আছে নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • টামী, চাৰ্লচ আৰু জিমিৰ পৰা আপুনি কি শিকিলে?

  • যিসকল লʼৰা-ছোৱালীক কেৱল মা বা দেউতাই ডাঙৰ-দীঘল কৰি আছে, তেওঁলোকে গীতমালা ২৭:১০ পদৰ অনুসৰি কি কথাৰ ওপৰত ভৰসা কৰিব পাৰে?