Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আৰ্থিক সমস্যাৰ সন্মুখীন হʼবলৈ আপুনি সাজু আছেনে?

আৰ্থিক সমস্যাৰ সন্মুখীন হʼবলৈ আপুনি সাজু আছেনে?

যেতিয়া পৃথিৱীত এনে কিছুমান ঘটনা ঘটে, যাৰ যোগেদি সকলো দেশত আৰ্থিক সমস্যা দেখিবলৈ পোৱা যায়, তেতিয়া আমি আচৰিত নহওঁ। কিয় বাৰু? কাৰণ আমি একেবাৰে শেষ কালত জীয়াই আছোঁ। ইয়াৰ উপৰিও আমি বাইবেলৰ এই পৰামৰ্শ পালন কৰোঁ, ‘ধনৰ অনিশ্চয়তাত ভাৰসা নকৰিবা।’ (১তীম ৬:১৭; ২তীম ৩:১) তথাপি আমি আৰ্থিক সমস্যাৰ সন্মুখীন হʼবলৈ সাজু থাকিব পাৰোঁ। এই ক্ষেত্ৰত আমি ৰজা যিহোচাফটৰ পৰা শিকিব পাৰোঁ।

যেতিয়া আন দেশে যিহূদাৰ ওপৰত আক্ৰমণ কৰিবলগীয়া আছিল, তেতিয়া যিহোচাফটে যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে। (২বং ২০:৯-১২) ইয়াৰ উপৰিও তেওঁ কিছুমান পদক্ষেপো লʼলে। যেনে, তেওঁ অনেক দুৰ্গ সাজিলে আৰু নগৰবোৰত সৈন্যদল ৰাখিলে। (২বং ১৭:১, ২, ১২, ১৩) সমস্যাৰ সন্মুখীন হʼবলৈ আমিও যিহোচাফটৰ দৰে যিহোৱাৰ ওপৰত ভৰসা কৰা উচিত আৰু কিছুমান পদক্ষেপ লোৱা উচিত।

আপুনি দুৰ্যোগৰ সন্মুখীন হʼবলৈ সাজু আছেনে? নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • যিকোনো দুৰ্যোগৰ সন্মুখীন হʼবলৈ আমি প্ৰতিজনে কি তৈয়াৰী কৰিব পাৰোঁ?

  • আনক সহায় কৰিবলৈ আমি কেনেকৈ সাজু থাকিব পাৰোঁ?