Skip to content

Skip to table of contents

মে’ ৬-১২

গীতমালা ৩৬-৩৭

মে’ ৬-১২

গীত ৮৭ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. “দুৰাচাৰীবোৰৰ বিষয়ে বেজাৰ নাপাবা”

(১০ মি.)

দুষ্ট লোকসকলৰ কামৰ বাবে আমাক বহুত দুখ লাগে আৰু আমি বহুতো সমস্যাৰ সন্মুখীন হওঁ (গীত ৩৬:১-৪; w১৭.০৪-HI ১০ ¶৪)

‘দুৰাচাৰী’ অৰ্থাৎ দুষ্ট লোকসকলৰ বাবে যদি আমি খং কৰোঁ, তেনেহʼলে আমাৰেই হানি হʼব (গীত ৩৭:১, ৭, ৮; w২২.০৬ ১০ ¶১০)

যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত ভৰসা ৰাখিলে আমি শান্ত হৈ থাকিব পাৰিম (গীত ৩৭:১০, ১১; w২২.০৮ ১১ ¶১১)

নিজকে সোধক, ‘মাৰ-পিট আৰু বেয়া কামবোৰৰ খবৰ মই বেছিকৈ চাওঁ বা পঢ়োঁ নে? এইবোৰে মোৰ ওপৰত প্ৰভাৱ পেলোৱা নাইতো?’

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ৩৬:৬—যিহোৱাৰ ভাল কামবোৰ ওখ-ওখ “পৰ্ব্বতসমূহৰ নিচিনা” হয়, ইয়াৰ অৰ্থ কি হʼব পাৰে? (it-২-E ৪৪৫)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ৩৭:১-২৬ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৫)

৫. পুনৰ লগ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। আগতে বাইবেল অধ্যয়ন কৰিবলৈ মানা কৰা এজন ব্যক্তিক সোধক যে তেওঁ এতিয়া অধ্যয়ন কৰিব বিচাৰে নে। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৪)

৬. ভাষণ

(৫ মি.) w১৪-HI ৯/১৫ ২২—বিষয়: যিহোৱাই সত্য খ্ৰীষ্টানসকলৰ খোৱা-বোৱাৰ কেতিয়াও অভাৱ হʼবলৈ নিদিব নে? (গীত ৩৭:২৫) (শিক্ষা অধ্যায় ১৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ৩৩

৭. আপুনি “সঙ্কটৰ” সন্মুখীন হʼবলৈ সাজু আছে নে?

(১৫ মি.) আলোচনা।

আজি চাৰিওফালে প্ৰাকৃতিক দুৰ্যোগ আৰু মানুহে সৃষ্টি কৰা দুৰ্যোগবোৰৰ বাবে সমস্যা বহুত বাঢ়ি গৈছে। ইয়াৰ বাবে গোটেই বিশ্বত থকা আমাৰ ভাই-ভনীসকলে ধন-সম্পত্তিৰ লগতে নিজৰ আপোনজনাকো হেৰুৱাইছে। এনেধৰণৰ “সঙ্কটৰ” সময় আমাৰ ওপৰতো আহিব পাৰে। (গীত ৯:৯, ১০) সেইবাবে, ইয়াৰ সন্মুখীন হʼবলৈ আমি আগতীয়াকৈ সাজু থকা উচিত।

ব্যৱহাৰিক পদক্ষেপ লোৱাৰ a উপৰিও আমি আৰু কি কৰিব পাৰোঁ?

  • নিজৰ মন তৈয়াৰ কৰক: দুৰ্যোগ আহিব বুলি মানি লওক। তাৰ পাছত চিন্তা কৰক যে কোনো এটা দুৰ্যোগ আহিলে আপুনি কি কৰিব? নিজৰ বস্তু আৰু সম্পত্তিৰ বিষয়ে বেছিকৈ চিন্তা নকৰিব। তেতিয়াহে দুৰ্যোগ আহিলে আপুনি বুদ্ধিমতাৰে কাম কৰিব পাৰিব। আপুনি নিজৰ বস্তুবোৰ বচোৱাৰ পৰিৱৰ্তে নিজৰ আৰু আনৰ জীৱন বচোৱাৰ বিষয়ে ভাবিব। (আদি ১৯:১৬; গীত ৩৬:৯) এইদৰে কৰিলে বস্তুবোৰ হেৰুৱাৰ বাবে আপোনাক ইমান দুখ নালাগিব।—গীত ৩৭:১৯.

  • যিহোৱাৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰক: যিহোৱাই আপোনাৰ যত্ন লʼব পাৰে আৰু তেওঁ এইদৰে কৰিব বিচাৰে বুলি নিজৰ বিশ্বাস বঢ়াই থাকক। (গীত ৩৭:১৮) প্ৰতিদিনে নিজকে মনত পেলাই দিয়ক যে যদি আমাৰ সকলোবোৰ ধ্বংস হৈ যায় আৰু কেৱল আমাৰ “প্ৰাণ” ৰক্ষা পৰে, তথাপি যিহোৱাই আমাক কেতিয়াও নেৰিব। তেওঁ আমাক পথ দেখুৱাই থাকিব।—যিৰি ৪৫:৫; গীত ৩৭:২৩, ২৪.

যেতিয়া আমাৰ বিশ্বাস হʼব যে যিহোৱা নিজৰ সকলো প্ৰতিজ্ঞা পূৰ কৰিব, তেতিয়া আমি ‘সঙ্কটৰ কালত তেওঁত দৃঢ় আশ্ৰয়’ লোৱাৰ দৰে হʼব।—গীত ৩৭:৩৯.

আপুনি দুৰ্যোগৰ সন্মুখীন হʼবলৈ সাজু আছেনে? ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  • দুৰ্যোগৰ সময়ত যিহোৱাই কেনেকৈ আমাক সহায় কৰিব পাৰে?

  • দুৰ্যোগৰ সন্মুখীন হʼবলৈ আমি কি কি ব্যৱহাৰিক পদক্ষেপ লʼব পাৰোঁ?

  • দুৰ্যোগৰ সন্মুখীন হোৱা ভাই-ভনীসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ?

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ১০২ আৰু প্ৰাৰ্থনা