Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

পৰিয়ালত প্ৰেম দেখুওৱাক

পৰিয়ালত প্ৰেম দেখুওৱাক

প্ৰেম এনে এক বান্ধোন, যিয়ে পৰিয়ালৰ সকলো লোকক একতাৰ ডোলেৰে বান্ধি ৰাখে। যদি প্ৰেম নাথাকে, তেনেহʼলে তেওঁলোকৰ মাজত একতা নাথাকিব আৰু এজনে-আনজনক সহযোগ নকৰিব। পৰিয়ালত প্ৰেম থাকিবলৈ স্বামী, পত্নী আৰু পিতৃ-মাতৃয়ে কি কৰিব পাৰে?

যিজন স্বামীয়ে নিজৰ পত্নীক প্ৰেম কৰে, তেওঁ তাইৰ প্ৰয়োজনীয়তা পূৰ কৰিব আৰু তাইৰ ভাবনাৰ প্ৰতি ধ্যান দিব। (ইফি ৫:২৮, ২৯) তেওঁ নিজৰ পৰিয়ালৰ শাৰীৰিক আৰু আধ্যাত্মিক প্ৰয়োজনীয়তা পূৰ কৰিব আৰু তেওঁ ধ্যান দিব যে প্ৰতি সপ্তাহে যাতে পাৰিবাৰিক উপাসনা হয়। (১তীম ৫:৮) যি গৰাকী পত্নীয়ে স্বামীক প্ৰেম কৰে, তাই স্বামীৰ অধীনত থাকিব আৰু তেওঁলৈ “ভয়” [“গভীৰ সন্মান,” NW] কৰিব। (ইফি ৫:২২, ৩৩; ১পিত ৩:১-৬) স্বামী-স্ত্ৰীয়ে এজনে-আনজনৰ ভুলবোৰ অন্তৰৰপৰা ক্ষমা কৰা উচিত। (ইফি ৪:৩২) যিসকল পিতৃ-মাতৃয়ে নিজৰ সন্তানক প্ৰেম কৰে, তেওঁলোকে নিজৰ প্ৰতিজন সন্তানৰ যত্ন লʼব আৰু যিহোৱাক প্ৰেম কৰিবলৈ শিকাব। (দ্বিতী ৬:৬, ৭; ইফি ৬:৪) পিতৃ-মাতৃয়ে ধ্যান দিয়ে যে তেওঁলোকৰ সন্তানে স্কুলত কি কি সমস্যাৰ সন্মুখীন হয় আৰু স্কুলৰ আন লʼৰা-ছোৱালীয়ে তেওঁলোকক বেয়া কাম কৰিবলৈ হেঁচা দিলে তেওঁলোকে কি কৰে। যেতিয়া পৰিয়ালত প্ৰেম থাকিব, তেতিয়া সকলোৱে সুৰক্ষিত অনুভৱ কৰিব।

পৰিয়ালত নিঃস্বাৰ্থ প্ৰেম দেখুৱাওক নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • যিজন স্বামীয়ে নিজৰ পত্নীক প্ৰেম কৰে, তেওঁ পত্নীৰ ভাবনাৰ প্ৰতি কেনেকৈ ধ্যান দিব?

  • যি গৰাকী পত্নীয়ে নিজৰ স্বামীক প্ৰেম কৰে, তাই কেনেকৈ স্বামীৰ প্ৰতি “ভয়” বা গভীৰ সন্মান দেখুৱাব?

  • যিসকল পিতৃ-মাতৃয়ে নিজৰ সন্তানক প্ৰেম কৰে, তেওঁলোকে ঈশ্বৰৰ বাক্যৰ প্ৰতি সন্তানক কেনেকৈ আকৰ্ষিত কৰিব?