Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

মদ্যপান কৰাৰ ক্ষেত্ৰত ভাবি-চিন্তি নিৰ্ণয় লওক

মদ্যপান কৰাৰ ক্ষেত্ৰত ভাবি-চিন্তি নিৰ্ণয় লওক

প্ৰতিজন খ্ৰীষ্টানে মদ্যপান কৰাৰ ক্ষেত্ৰত ইন্দ্ৰিয়-দমন কৰা উচিত। (হিতো ২৩:২০, ২৯-৩৫; ১কৰি ৬:৯, ১০) যদি এজন খ্ৰীষ্টানে মদ্যপান কৰিব বিচাৰে, তেন্তে অতিমাত্ৰা মদ্যপান কৰা উচিত নহয়। তেওঁ মদ্যপান কৰাৰ অভ্যাস গঢ়ি তোলা উচিত নহয়, যাৰ বাবে তেওঁ মদ নোখোৱাকৈ থাকিব নোৱাৰিব। যদি তেওঁ এইদৰে কৰে, তেনেহʼলে তেওঁক দেখি আনে উজুটি খাব পাৰে। (১কৰি ১০:২৩, ২৪; ১তীম ৫:২৩) আমি আনক মদ্যপান কৰিবলৈ হেঁচা দিয়া উচিত নহয়, বিশেষকৈ ডেকা ভাইসকলক।

মদ খোৱাৰ পৰিণামৰ বিষয়ে চিন্তা কৰক নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • মদ্যপান কৰাৰ ক্ষেত্ৰত সকলো খ্ৰীষ্টানে চৰকাৰৰ নিয়ম কিয় পালন কৰা উচিত?—ৰোম ১৩:১-৪

  • যদি কোনোবাই আমাক মদ্যপান কৰিবলৈ হেঁচা দিয়ে, তেনেহʼলে আমি কিয় অস্বীকাৰ কৰা উচিত?—ৰোম ৬:১৬

  • মদ্যপান কৰাৰ বেয়া পৰিণামৰপৰা আমি কেনেকৈ বাচিব পাৰোঁ?