ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক | প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক
উৎসাহেৰে শিক্ষা দিয়ক
যদি আমি উৎসাহেৰে শিকাওঁ, তেনেহʼলে শ্ৰোতাসকলেও উৎসাহিত হʼব। তেওঁলোকে অতি আগ্ৰহেৰে আমাৰ কথা শুনিব। তেওঁলোকে বুজি পাব যে আমাৰ বাৰ্তা অতি গুৰুত্বপূৰ্ণ। আমি যিয়ে ভাষা বা সংস্কৃতিৰ নহওঁ কিয়, আমি উৎসাহেৰে শিকাব পাৰোঁ। (ৰোম ১২:১১) কেনেকৈ বাৰু?
প্ৰথমে, আমি বুজি পোৱা উচিত যে আমাৰ বাৰ্তা অতি গুৰুত্বপূৰ্ণ। আমাৰ ওচৰত “মঙ্গলৰ শুভবাৰ্ত্তা” আছে। (ৰোম ১০:১৫) দ্বিতীয়তে, আমি চিন্তা কৰা উচিত যে আমি যি শিকাওঁ, তাৰপৰা লোকসকলৰ কিমান লাভ হʼব। এই কথাবোৰ জনাটো লোকসকলৰ বাবে অতি প্ৰয়োজন। (ৰোম ১০:১৩, ১৪) অৱশেষত, উৎসাহেৰে আৰু স্বাভাৱিক অংগি-ভংগিৰে কথা পাতক।
শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—উৎসাহেৰে শিক্ষা দিয়ক নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
-
নিতাৰ উৎসাহ কিয় কমি গৈছিল?
-
নিতাই পুনৰ কেনেকৈ উৎসাহ লাভ কৰিলে?
-
আমি শ্ৰোতাসকলৰ ভাল গুণবোৰলৈ কিয় ধ্যান দিয়া উচিত?
-
আমি উৎসাহেৰে শিকালে আমাৰ বিদ্যাৰ্থী আৰু আন লোকসকলকৰ ওপৰত কি প্ৰভাৱ পৰিব?