Skip to content

Skip to table of contents

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক | প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক

উদাহৰণ দি মূখ্য বিষয়বোৰ বুজাওক

উদাহৰণ দি মূখ্য বিষয়বোৰ বুজাওক

পুনৰ সাক্ষাৎ আৰু বাইবেল অধ্যয়ন কৰাৰ সময়ত আমি শ্ৰোতাসকলক মূল বিষয়টো ভালদৰে বুজিবলৈ সহায় কৰা উচিত। মূল বিষয়টো বুজাবলৈ যদি আমি কিবা উদাহৰণ দিওঁ, তেনেহʼলে সেই বিষয়টো তেওঁলোকৰ হৃদয় স্পৰ্শ কৰিব আৰু সহজে মনত ৰাখিব পাৰিব।

পুনৰ সাক্ষাৎ আৰু বাইবেল অধ্যয়নৰ বাবে প্ৰস্তুত কৰাৰ সময়ত মূল বিষয়টো বিচাৰি উলিয়াওক যাতে আপুনি মূল বিষয়টো উদাহৰণ দি বুজাব পাৰে। ইয়াৰ পাছত চিন্তা কৰক যে আপুনি দৈনন্দিন জীৱনৰ লগত জড়িত থকা কিছুমান বিষয়ৰপৰা কি উদাহৰণ দিব পাৰে। (মথি ৫:১৪-১৬; মাৰ্ক ২:২১; লূক ১৪:৭-১১) ব্যক্তিজনৰ পৰিস্থিতি আৰু আগ্ৰহৰ প্ৰতি ধ্যান দি উদাহৰণ দিয়ক। (লূক ৫:২-১১; যোহ ৪:৭-১৫) যেতিয়া তেওঁ কোনো বিষয় ভালদৰে বুজি পাব, তেতিয়া তেওঁক আনন্দত দেখি আপুনিও আনন্দিত হʼব।

শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰকনিজৰ দক্ষতা উন্নতি কৰক—উদাহৰণ দি মূখ্য বিষয়বোৰ বুজাওক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • আমি বাইবেল বিদ্যাৰ্থীসকলক পদবোৰৰ অৰ্থ কিয় ভালদৰে বুজোৱা উচিত?

  • নিতাই ৰোমীয়া ৫:১২ পদটো বুজাবলৈ কি উদাহৰণ দিলে?

  • ভাল উদাহৰণবোৰে হৃদয় স্পৰ্শ কৰে

    ভাল উদাহৰণ দিলে শ্ৰোতাসকলৰ ওপৰত কি প্ৰভাৱ পৰিব?

  • আমি সংগঠনৰপৰা পোৱা ভিডিঅʼ আৰু ছবিবোৰ প্ৰচাৰ কাৰ্য্যত কিয় দেখুওৱা উচিত?