Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

এয়া ‘শেষ-কালৰ’ শেষ সময় হয়, সাজু থাকক

এয়া ‘শেষ-কালৰ’ শেষ সময় হয়, সাজু থাকক

আমি ‘শেষ-কালৰ’ শেষ সময়ত জীয়াই আছোঁ। সেইবাবে, দিনক দিনে সমস্যা আৰু বাঢ়িব। (২তীম ৩:১; মথি ২৪:৮) দুৰ্যোগৰ সময়ত আমি নিজৰ জীৱন ৰক্ষা কৰিবলৈ কি কৰা উচিত, তাৰ বিষয়ে সংগঠনে আমাক জনায়। যদি আমি এতিয়াৰেপৰা সংগঠনৰ নিৰ্দেশনা পালন কৰি সাজু থাকোঁ, তেনেহʼলে দুৰ্ঘটনাৰ সময়ত আমাৰ জীৱন ৰক্ষা পৰিব। আমি এতিয়াৰেপৰা যিহোৱাৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰা উচিত আৰু ব্যৱহাৰিক পদক্ষেপ লোৱা উচিত।—লূক ১৬:১০.

  • যিহোৱাৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰক: উপাসনাৰ লগত জড়িত কামবোৰ কৰিবলৈ ভাল অভ্যাস গঢ়ি তোলক। প্ৰচাৰ কৰাৰ বেলেগ বেলেগ উপায় শিকক। যদি কিছু সময়ৰ বাবে আপুনি ভাই-ভনীসকলৰ লগত লগ কৰিব নোৱাৰে, তেনেহʼলে ভয় নকৰিব। (যিচ ৩০:১৫) যিহোৱা আৰু যীচু সদায় আপোনাৰ লগত থাকিব।—od-HI ১৭৬ ¶১৫-১৭

  • ব্যৱহাৰিক পদক্ষেপ লওক: আপদকালীন বেগ তৈয়াৰ কৰক। ইয়াৰ উপৰিও, প্ৰতিটো পৰিয়ালত যথেষ্ট পৰিমাণে খোৱা বস্তু, পানী, দৰৱ আৰু আন প্ৰয়োজনীয় বস্তুবোৰ থকা উচিত। হঠাতে কিবা দুৰ্ঘটনা হʼলে আৰু তেওঁলোকে বেলেগ ঠাইত থাকিবলগীয়া হʼলে, এই বস্তুবোৰ কামত আহিব।—হিতো ২২:৩; g১৭.৫-HI ৪, 

প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হʼবলৈ সাজু আছেনে? নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • দুৰ্যোগৰ সন্মুখীন হʼবলৈ আমি যিহোৱাৰ লগত নিজৰ সম্পৰ্ক কেনেকৈ মজবুত কৰিব পাৰোঁ?

  • আমি কিয় . . .

    • প্ৰাচীনসকলৰ লগত যোগাযোগ ৰখা উচিত?

    • আমি আপদকালীন বেগ কিয় তৈয়াৰ কৰি ৰখা উচিত?

    • আমাৰ এলেকাত কি কি প্ৰাকৃতিক দুৰ্যোগ হʼব পাৰে আৰু এনে পৰিস্থিতিত কি কৰিব লাগে, তাৰ বিষয়ে আমি পৰিয়ালৰ লগত কিয় আলোচনা কৰা উচিত?

  • দুৰ্ঘটনাৰ সন্মুখীন হোৱা ভাই-ভনীসকলক সহায় কৰিবলৈ আমি কি তিনিটা কাম কৰিব পাৰোঁ?

নিজকে সোধক, ‘COVID-19 মহামাৰীয়ে মোক কি শিকালে? মই প্ৰতিটো বিপদৰ বাবে আগতীয়াকৈ কেনেকৈ প্ৰস্তুত থাকিব পাৰোঁ?’