Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

“এতেকে ঈশ্বৰে যাক যোগ কৰি দিলে . . . ”

“এতেকে ঈশ্বৰে যাক যোগ কৰি দিলে . . . ”

মোচিৰ নিয়ম অনুসৰি যিসকল লোকে বিবাহ-বিচ্ছেদ কৰিবলৈ পৰিকল্পনা কৰে, তেওঁলোকে এক ত্যাগ-পত্ৰ প্ৰস্তুত কৰাৰ প্ৰয়োজন আছিল। এনে ব্যৱস্থা থকাৰ বাবে লোকসকলে সহজে বিবাহ-বিচ্ছেদ কৰিব নোৱাৰিছিল। কিন্তু যীচু পৃথিৱীত থকাৰ সময়ত, ধৰ্ম্মগুৰুসকলে বিবাহ-বিচ্ছেদ কৰাটো সহজ কৰি তুলিছিল। যিকোনো কাৰণত স্বামীয়ে নিজৰ পত্নীক ত্যাগ কৰিব পাৰিছিল। (“ত্যাগ-পত্ৰ” মাৰ্ক ১০:৪ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty, “নিজৰ তিৰোতাক ত্যাগ কৰি,” “তেওঁৰ বিৰুদ্ধে ব্যভিচাৰ কৰে” মাৰ্ক ১০:১১ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty) যীচুৱে উনুকিয়াই দিছিল যে যিহোৱা ঈশ্বৰেই হৈছে বিবাহৰ উদ্ভাৱক আৰু স্থাপনকৰ্ত্তা। (মাৰ্ক ১০:২-১২) ঈশ্বৰে বিচাৰে যে স্বামী আৰু স্ত্ৰীয়ে এক স্থায়ী বান্ধোনত থাকি দুয়ো “একদেহ” হওক। মথিয়ে লিখা শাস্ত্ৰপদৰ অনুসৰি কেৱল এটা কাৰণৰ বাবেহে বিবাহ-বিচ্ছেদ কৰিব পাৰি আৰু সেয়া হৈছে “ব্যভিচাৰ” বা যৌন অনৈতিকতা।—মথি ১৯:৯.

বৰ্তমান সময়ত বহুতোলোকে বিবাহৰ বিষয়টো যীচুৱে শিকোৱাৰ দৰে নহয়, কিন্তু ফৰীচীসকলৰ দৰে বিবেচনা কৰে। যেতিয়া বিবাহিত জীৱনত সমস্যা আহে, তেতিয়া জগতৰ লোকসকলে লৰালৰিকৈ বিবাহ-বিচ্ছেদ কৰে। আনহাতে, খ্ৰীষ্টান দম্পতীসকলে বিবাহৰ শপত গভীৰভাৱে লয় আৰু বাইবেলৰ সিদ্ধান্তবোৰ নিজৰ জীৱনত পালন কৰি সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰে। প্ৰেম আৰু সন্মানে বিবাহিত জীৱন দৃঢ় কৰে নামৰ ভিডিঅ’খন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • বিবাহিত জীৱনত আপুনি হিতোপদেশ ১৫:১ পদটো কেনেকৈ পালন কৰিব আৰু এনে কৰাটো কিয় প্ৰয়োজন?

  • হিতোপদেশ ১৯:১১ পদটো নিজৰ জীৱনত পালন কৰি আপুনি কেনেকৈ সমস্যাৰপৰা আঁতৰি থাকিব পাৰে?

  • যদি আপোনাৰ বিবাহ ভাঙি যোৱাৰ পৰিস্থিতিত আহি পৰিছে, তেনেহ’লে ‘মই বিবাহ-বিচ্ছেদ কৰা উচিতনে?’ বুলি ভবাৰ পৰিৱৰ্তে আপুনি কি কি প্ৰশ্নৰ ওপৰত বিবেচনা কৰা উচিত?

  • আপুনি নিজৰ জীৱনত মথি ৭:১২ পদটো পালন কৰি কেনেকৈ এজন ভাল স্বামী বা পত্নী হ’ব পাৰিব?