খ্ৰীষ্টান হিচাপে জীৱন-যাপন
যিহোৱাই তোমাক সাহসী হ’বলৈ সহায় কৰিব
স্কুলত তুমি এজন যিহোৱাৰ সাক্ষী বুলি পৰিচয় দিবলৈ আৰু যিহোৱা ঈশ্বৰৰ বিষয়ে ক’বলৈ কেতিয়াবা তোমাৰ ভয় লাগে নেকি? যদি ভয় লাগে, তেনেহ’লে যিহোৱাৰ বিষয়ে আনক ক’বলৈ তুমি কেনেকৈ “সাহ” কৰিব পাৰা? (১থিচ ২:২) তুমি কিয় যিহোৱাৰ বিষয়ে আনক কোৱা উচিত? যিহোৱাই তোমাক সাহসী হ’বলৈ সহায় কৰিব নামৰ ভিডিঅ’খন চোৱাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়া:
-
১. বাইবেলৰ কোনটো উদাহৰণে ৰিংকীক সাহসী হ’বলৈ সহায় কৰে?
-
২. যিহোৱাৰ বিষয়ে ক’বলৈ প্ৰস্তুতি কৰাৰ বাবে ৰিংকীৰ কি লাভ হয়?
-
৩. তুমি তোমাৰ সহপাঠীক কিয় যিহোৱাৰ বিষয়ে কোৱা উচিত?
-
৪. তোমাৰ যদিও স্কুলৰ পঢ়া শেষ হ’ল, তথাপি এই ভিডিঅ’ৰপৰা তুমি কি শিক্ষা লাভ কৰিলা?