খ্ৰীষ্টান হিচাপে জীৱন-যাপন
খ্ৰীষ্টক অনুকৰণ কৰিবলৈ নিজৰ সন্তানক শিক্ষা দিয়ক
যেতিয়া সন্তানে নিজকে ‘দমন কৰি নিজৰ ক্ৰুচ তুলি লৈ’ যীচুক অনুকৰণ কৰে, তেতিয়া পিতৃ-মাতৃয়ে যি আনন্দ লাভ কৰে, তাক আৰু কোনো বস্তুৱে দিব নোৱাৰে। (মাৰ্ক ৮:৩৪; ৩যোহ ৪) খ্ৰীষ্টক অনুকৰণ কৰিবলৈ, নিজৰ জীৱন যিহোৱা ঈশ্বৰক সমৰ্পণ কৰিবলৈ আৰু বাপ্তিষ্মা ল’বলৈ পিতৃ-মাতৃয়ে নিজৰ ল’ৰা-ছোৱালীক কেনেকৈ সহায় কৰিব পাৰে? ল’ৰা-ছোৱালীয়ে বাপ্তিষ্মা লোৱাৰ বাবে সাজু আছে নে নাই, তাক কেনেকৈ জানিব পাৰি?
‘যোৱা, সকলোকে শিষ্য কৰি, বাপ্তাইজ কৰা’ পুস্তিকাখনৰ পৃষ্ঠা ৪-৫-ত বৰ্ণনা কৰা “খ্ৰীষ্টান পিতৃ-মাতৃৰ বাবে কিছু কথা” লেখটো পঢ়ক আৰু তলৰ প্ৰশ্নবোৰ বিবেচনা কৰক:
-
১. শিষ্য বুলিলে কি বুজায়?
-
২. পিতৃ-মাতৃয়ে ল’ৰা-ছোৱালীক কি শিক্ষা দিয়া উচিত?
-
৩. ল’ৰা-ছোৱালীয়ে নিজৰ বয়স অনুসৰি, তলত উল্লেখ কৰা শাস্ত্ৰপদবোৰ কেনেকৈ প্ৰয়োগ কৰি বাপ্তিষ্মাৰ বাবে যোগ্য হ’ব পাৰে?
-
গীত ১২২:১