Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ৰোমীয়া ৪-৬

“ঈশ্বৰে আমালৈ তেওঁৰ প্ৰমৰ প্ৰমাণ দিছে”

“ঈশ্বৰে আমালৈ তেওঁৰ প্ৰমৰ প্ৰমাণ দিছে”

৫:৮, ১৮, ২১

মুক্তিপণস্বৰূপ বলিদানৰ যোগেদি যিহোৱা ঈশ্বৰে নিজৰ নাম পবিত্ৰ কৰিব আৰু মানৱজাতিৰ ওপৰত শাসন কৰাৰ অধিকাৰ যে কেৱল তেওঁৰ আছে, সেয়া প্ৰমাণ কৰিব। মুক্তিপণস্বৰূপ বলিদানৰ বাবে আজি আমি যিহোৱাৰ লগত বন্ধুত্ব স্থাপন কৰিবলৈ সক্ষম হৈছোঁ আৰু ভৱিষ্যতে অনন্ত জীৱন জীয়াই থকাৰ আশা লাভ কৰিছোঁ।

মুক্তিপণস্বৰূপ বলিদানৰ বাবে আমি কেনেকৈ মূল্যাংকন দেখুৱাব পাৰোঁ?

  • নিজৰ জীৱন সমৰ্পণ কৰা আৰু বাপ্তিষ্মা লোৱাৰ যোগেদি আমি দেখুৱাম যে আমি মুক্তিপণস্বৰূপ বলিদানৰ ওপৰত বিশ্বাস কৰোঁ আৰু আমাৰ জীৱনৰ ওপৰত যিহোৱাৰ অধিকাৰ আছে

  • ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা কৰাৰ যোগেদি আমি দেখুৱাম যে যিহোৱাৰ দৰে আমিও আন লোকসকলক প্ৰেম কৰোঁ।—মথি ২২:৩৯; যোহ ৩:১৬

মই আৰু কি কি উপায়েৰে মুক্তিপণস্বৰূপ বলিদানৰ বাবে মূল্যাংকন দেখুৱাব পাৰোঁ?