Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ধৈৰ্য্যৰে তালৈ বাট চাই থাকক

ধৈৰ্য্যৰে তালৈ বাট চাই থাকক

আপুনি ঈশ্বৰৰ ৰাজ্যৰ বাবে কিমান দিনৰপৰা বাট চাই আছে? সমস্যা থকাৰ সত্ত্বেও আপুনি ধৈৰ্য্যৰে তালৈ বাট চাই আছেনে? (ৰোম ৮:২৫) কিছুমান ভাই-ভনীক লোকসকলে ঘৃণা কৰে, তেওঁলোকৰ লগত দুৰ্ব্যৱহাৰ কৰে, তেওঁলোকক জেলত দিয়ে, আনকি কেতিয়াবা মৃত্যুৰ ভাবুকি দিয়া হয়। আন কিছুমান ভাই-ভনীয়ে দুৰাৰোগ্য ৰোগত ভুগীছে অথবা বৃদ্ধ কালত অহা সমস্যাৰ সন্মুখীন হৈছে।

জীৱনত অহা যিকোনো সমস্যাৰ সন্মুখীন হ’বলৈ আমাক কিহে সহায় কৰিব? আমাৰ বিশ্বাস দৃঢ় কৰিবলৈ আমি প্ৰতিদিনে বাইবেল পঢ়া আৰু ধ্যান কৰা উচিত। আমি আমাৰ আশাৰ ওপৰত সম্পূৰ্ণ মনোনিৱেশ কৰাৰ প্ৰয়োজন। (২কৰি ৪:১৬-১৮; ইব্ৰী ১২:২) আমি যিহোৱা ঈশ্বৰক কাকূতি-মিনতি কৰি প্ৰাৰ্থনা কৰা আৰু তেওঁৰ পবিত্ৰ আত্মা বিচৰা উচিত। (লূক ১১:১০, ১৩; ইব্ৰী ৫:৭) আমাৰ স্বৰ্গত থকা পিতৃ যিহোৱাই আমাক “আনন্দেৰে সৈতে সম্পূৰ্ণ সহন” কৰিবলৈ সহায় কৰিব।—কল ১:১০.

আমি ‘ধৈৰ্য্যৰে দৌৰা’ উচিত—বিশ্বাস ৰাখক যে পুৰস্কাৰ নিশ্চয় লাভ কৰিব নামৰ ভিডিঅ’খন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • আমাৰ জীৱনত ‘অকস্মাতে’ কি আপদ আহিব পাৰে? (উপ ৯: ১২)

  • সমস্যাৰ সন্মুখীন হোৱাৰ সময়ত প্ৰাৰ্থনাই আমাক কেনেকৈ সহায় কৰে?

  • যদি আমি কিবা কাৰণত আগৰ দৰে যিহোৱাক সেৱা কৰিবলৈ সক্ষম নহওঁ, তেতিয়াও আমি যিমান পাৰোঁ সিমান কিয় সেৱা কৰি থকা উচিত?

  • পুৰস্কাৰৰ ওপৰত নিজৰ দৃষ্টি বজাই ৰাখক

    আপুনি পুৰস্কাৰ লাভ কৰিব বুলি কি কথাই আপোনাৰ বিশ্বাস দৃঢ় কৰিছে?