Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ৰোমীয়া ৯-১১

জলফাই গছৰ দৃষ্টান্ত

জলফাই গছৰ দৃষ্টান্ত

১১:১৬-২৬

জলফাই গছৰ বিভিন্ন অংশই কিহক চিত্ৰিত কৰে?

  • গছ: জলফাই গছে চিত্ৰিত কৰে যে যিহোৱা ঈশ্বৰে অব্ৰাহামৰ লগত কৰা চুক্তিৰ লগত জড়িত থকা প্ৰতিজ্ঞাক কেনেকৈ পূৰ কৰিছিল

  • কাণ্ড: কাণ্ডই যীচুক চিত্ৰিত কৰে আৰু তেওঁ হৈছে অব্ৰাহামৰ বংশৰ মুখ্য অংশ

  • ডালবোৰ: ডালবোৰে অব্ৰাহামৰ বংশৰ দ্বিতীয় অংশৰ লোকসকলক চিত্ৰিত কৰে

  • “ভাঙি পেলোৱা” ডালবোৰ: ভাঙি পেলোৱা ডালবোৰে যীচুক অস্বীকাৰ কৰা জন্মগত যিহূদীসকলক চিত্ৰিত কৰে

  • “কলমস্বৰূপে লগোৱা” ডালবোৰ: কলমস্বৰূপে লগোৱা ডালবোৰে সকলো ৰাষ্ট্ৰৰপৰা অহা অভিষিক্ত খ্ৰীষ্টানসকলক চিত্ৰিত কৰে

ভৱিষ্যতবাণী কৰা অনুসৰি অব্ৰাহামৰ বংশ অৰ্থাৎ যীচু আৰু ১,৪৪,০০০ জন লোকৰ বাবে ‘পৰজাতিবিলাকে’ আশীৰ্ব্বাদ লাভ কৰিব।—ৰোম ১১:১২; আদি ২২:১৮

যিহোৱা ঈশ্বৰে অব্ৰাহামৰ বংশৰ লগত জড়িত থকা উদ্দেশ্য যিদৰে পূৰ কৰিলে, তাৰপৰা মই যিহোৱাৰ বিষয়ে কি শিকো?